ETV Bharat / sukhibhava

Durga Puja 2022:দেখিলেই লোভ লগা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে

author img

By

Published : Sep 25, 2022, 12:24 PM IST

Updated : Sep 25, 2022, 1:43 PM IST

Learn about the history of jalebi during Durga Puja
দেখিলেই লোভ লগা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে

শাক্ত ধৰ্মালম্বী লোকৰ প্ৰাণৰ উৎসৱ তথা আৰাধ্যা দেৱী দুৰ্গাৰ আগমণকলৈ ৰাজ্যত এতিয়া এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পূজাৰ বতৰত জেলেপী কাৰনো প্ৰিয় নহয় ৷ দুগোৎসৱ আৰু জেলেপী ইটোৱে আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ কিন্তু আপুনি ভালপোৱা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে ৷ জেলেপীত কিয় পাঁচটা পাক দি তৈয়াৰ কৰা হয় পঢ়ক সবিশেষ...

শাক্ত ধৰ্মালম্বী লোকৰ প্ৰাণৰ উৎসৱ তথা আৰাধ্যা দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমণকলৈ ৰাজ্যত এতিয়া এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । আজি মহালয়া (Mahalaya 2022)। পিতৃপক্ষৰ অৱসানত দেৱীপক্ষৰ সূচনা ।

শাৰদীয় দুৰ্গোৎসৱ আহিলেই প্ৰতিগৰাকী লোকৰ বাবে সুস্বাদু মিঠাই জেলেপী হৈ পৰে অতি আপোন ৷ কিয়নো প্ৰতিগৰাকী লোকেই খাই ভাল পায় জেলেপী ৷ জেলেপী হৈছে এনে এবিধ সুস্বাদু মিঠাই যাৰ নাম ক'লেই মানুহৰ মুখলৈ পানী আহে । সমগ্ৰ দেশত হয়তো এনে কোনো মানুহ নাই যিয়ে জেলেপী খাই বেয়া পায় ! বিশেষকৈ পশ্চিমবংগৰ বিভিন্ন মেলাৰ এক অপৰিহাৰ্য অংগ হৈছে জেলেপী । দুগোৎসৱ আৰু জেলেপী ইটোৱে আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ কিন্তু আপুনি ভালপোৱা জেলেপীৰ উৎপত্তি ক'ৰ পৰা হৈছিল জানেনে ৷

ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত জেলেপী তৈয়াৰ কৰে যদিও পশ্চিমবংগৰ জেলেপীৰ চাহিদা কিন্তু দেশৰ ভিতৰতে শীৰ্ষত আছে । কেতিয়াৰ পৰা জেলেপী তৈয়াৰ কৰা হৈছিল , সেইলৈ বিভিন্ন মতান্তৰ আছে যদিও বিভিন্ন তথ্যসূত্ৰে জানিব পৰা যায় যে , প্ৰথম জেলেপীৰ আৱিষ্কাৰ আজিৰ পৰা ৬০০ বছৰৰ আগত হৈছিল(Learn about the history of jalebi during Durga Puja) ।

আৰৱ , ‘অক্সফ’ৰ্ড কম্পানিয়ন টু ফুড‘ত জেলেপীৰ কথা উল্লেখ কৰি ত্ৰয়োদশ শতাব্দীতে মহম্মদ বিন হাছানে আল বাগদাদি ৰচিত এক লিখনীত জেলেপীৰ কথা উল্লেখ কৰিছিল, অৰ্থাৎ আৰৱ , মধ্যপ্ৰাচ্যৰ খাদ্যবিষয়ক গৱেষক ক্ল’ডিয়া ৰডেনেৰ দাবী যে, ত্ৰয়োদশ শতিকাৰ পূৰ্বেই হানুক্কাহ শীৰ্ষক এক অনুষ্ঠানত মিছৰৰ ইহুদীৰ ‘জালাবিয়া’ নামৰ এক মিষ্টি তৈয়াৰ কৰিছিল ।

কালক্ৰমত এই জালাবিয়াই জেলেপীৰ ৰূপ লয় । ১৪০০-১৫০০ শতিকাতে ভাৰতত জেলেপীৰ প্ৰচলন হৈছিল । যাৰ নাম আছিল ‘কুণ্ডলিকা’ বা ‘জলবল্লিকা’ । আৰৱৰ একাংশ গৱেষকৰ মতে, মোগল সম্ৰাট জাহাংগীৰে দৰবাৰত ‘জাহাংগীৰা ‘ অথবা জেলেপী প্ৰথম প্ৰস্তুত কৰা হয় । পিছত পশ্চিমবংগত আৰু এনেকৈয়েই সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰে ।

জেলেপী সাধাৰণতে ময়দা আৰু গুৰৰ মিশ্ৰণ দি প্ৰস্তুত কৰা হয় । পাঁচটা পাক দি তৈয়াৰ কৰা এই জেলেপী পিছত তেলত ভাজি চেনীৰ ৰসত ডুবাই তৈয়াৰ কৰা হয় । জেলেপীৰ এই পাঁচ পাক দিয়াৰ অৰ্থ হৈছে যে , ইয়াৰদ্বাৰা মানুহৰ জটিল মানসিকতাৰ তুলনা কৰা হয় ।

যদিও জেলেপীৰ আকৃতিৰ এই কাৰণ সম্পৰ্কে স্পষ্টকৈ জানিব পৰা নাযায় যদিও বিভিন্ন তথ্য অনুসৰি এই মিঠাইক বিশেষভাৱে পৰিচয় দিবৰ বাবেই পাঁচ পাক দি তৈয়াৰ কৰা হয় বুলিও প্ৰচলিত ধাৰণা আছে । আনহাতে আৰৱ দেশৰ প্ৰচলিত ধাৰণা অনুসৰি জেলেপী দীঘলকৈ তৈয়াৰ কৰিলে বেছি ঠাই লাগিব আৰু ভাঙি যোৱাৰ সম্ভাৱনা থকাৰ কাৰণে ইয়াক পাঁচ পাক দি তৈয়াৰ কৰা হয় ।

লগতে পঢ়ক: কম খৰচতে কৰক উত্তৰ-পূব ভাৰতৰ কিছু মনোমোহা ঠাইৰ ভ্ৰমণ

Last Updated :Sep 25, 2022, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.