ETV Bharat / sukhibhava

Lemon Water: খালী পেটত নেমুপানী খোৱাটো উপকাৰী নে অপকাৰী ?

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:58 PM IST

নেমু পানীক খুবেই স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ বহুলোকৰে পুৱা নেমু পানী খোৱাৰো অভ্যাস আছে কিন্তু খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে লাভদায়ক নে ক্ষতিকাৰক সেয়া আপুনি জানেনে ?

Is it good to drink lemon on an empty stomach?
খালী পেটত নেমুপানী খোৱাটো উপকাৰী নে অপকাৰী ?

নেমুপানী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ওজন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে ৷ কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয়, তেনেহ'লে ইয়াৰ আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ বিশেষকৈ খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে অত্যন্ত হানিকাৰক ৷ খালী পেটত নেমুপানী খোৱাৰ ফলত স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে, আজি জানো আহক-

হাড়ৰ ক্ষতি

ৰাতিপুৱা খালী পেটত নেমুপানী খালে হাড়ৰ ক্ষতি হয় ৷ খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে ৷যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে ৷

দাঁতৰ ক্ষতি

খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে ৷ নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷

ডিহাইড্ৰেচন

নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাও হ'ব পাৰে ৷ নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে ৷ সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে ৷

হজমৰ সমস্যা

নেমুপানীয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে ৷ কিন্তু ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাকস্থলীৰ এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷ যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে ৷

প্ৰস্ৰাৱৰ সমস্যা

খালী পেটত নেমু অত্যাধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে ৷ সেয়েহে অত্যাধিক নেমু খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

এইসমূহ মনত ৰাখিব

অত্যাধিক পৰিমাণৰ নেমুপানী সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ ওজন হ্ৰাস কৰিবলৈ মানুহে ইয়াক ৰাতিপুৱা সেৱন কৰে ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে নেমু পানী কেতিয়াও খাব নালাগে ৷ তদুপৰি, নেমু পানী খোৱাৰ লগে লগে দৈ বা যিকোনো দুগ্ধজাত সামগ্ৰী আৰু অমিতা নাখাব ৷

লগতে পঢ়ক: Cough and Cold: বতৰ পৰিবৰ্তনৰ লগে লগে আৰম্ভ হয় শিশুৰ চৰ্দি-কাহ; তৎক্ষণাত ঔষধ দিয়াটো উচিত নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.