ETV Bharat / sukhibhava

ভাৰতত ২৪ ঘন্টাত Covid-19 আক্ৰান্ত হৈ ৬জন লোকৰ মৃত্যু; নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৯২লৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:50 PM IST

Covid-19
ক’ভিড-১৯ৰ JN.1

Covid-19 cases: চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘন্টাত সমগ্ৰ দেশতে ৬ জন লোকৰ মৃত্যু হৈছে । এই মৃত্যুৰ ভিতৰত দুজন মহাৰাষ্ট্ৰত, আৰু দিল্লী, কৰ্ণাটক, কেৰালা, আৰু পশ্চিম বংগত এজনকৈ লোকৰ মৃত্যু হৈছে ।

নিউজ ডেস্ক, 28 ডিচেম্বৰ: ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ ৬৯২ জন লোকৰ দেহত কোভিড-১৯ত ধৰা পৰিছে আৰু ইয়াৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালণায়ৰ তথ্য অনুসৰি দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৯৭গৰাকীলৈ বৃদ্ধি পাইছে ৷

চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৬ জন লোকৰ মৃত্যু হৈছে - মহাৰাষ্ট্ৰত দুজন, আৰু দিল্লী, কৰ্ণাটক, কেৰালা, আৰু পশ্চিম বংগত এজনকৈ ৷ ইয়াৰ লগে লগে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৪,৫০,১০,৯৪৪ জনলৈ বৃদ্ধি পাইছে, বিগত ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৭০২ জনলৈ বৃদ্ধি পাইছে ৷

ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত হৈ মুঠ মৃত্যু ৰোগীৰ সংখ্যা ৫,৩৩,৩৪৬লৈ বৃদ্ধি পাইছে, যিয়ে বিগত ২৪ ঘন্টাত ৬ জন লোকৰ মৃত্যুৰ প্ৰতিফলন ঘটায় ৷ বুধবাৰে দিল্লীত ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট জেএন.১ৰ প্ৰথমগৰাকী ৰোগী ধৰা পৰে ৷

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে এই সন্দৰ্ভত কয় যে, "দিল্লীত অমাইক্ৰনৰ চাব-ভেৰিয়েণ্ট জেএন.১ৰ প্ৰথমজন ৰোগীৰ ৰিপৰ্ট পোৱা গৈছে ৷ জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা তিনিটা নমুনাৰ ভিতৰত এটা জেএন.১, আৰু দুটা অমাইক্ৰন ৷"

উল্লেখযোগ্য যে, JN.1 উপ-ভেৰিয়েন্টটো BA.2.86 বা Pirola নামেৰে জনাজাত Omicron উপ-ভেৰিয়েন্টৰ বংশধৰ ৷

আনহাতে, কেৰালাত ক’ভিড-১৯ৰ JN.1 ভেৰিয়েন্টৰ প্ৰথমজন ৰোগী ধৰা পৰে ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি বুধবাৰলৈকে ভাৰতত জেএন.১ উপ-ভেৰিয়েণ্টৰ মুঠ ১০৯গৰাকী ৰোগী ধৰা পৰিছে ৷

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব প্ৰকাশ কৰি কয় যে, বৰ্তমানৰ প্ৰমাণৰ ভিত্তিত জে এন.১ৰ দ্বাৰা হ’ব পৰা বিপদৰ আশংকা বৰ্তমান কম হৈয়েই আছে ৷ দেশত হঠাৎ কৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পাছতে চিকিৎসালয়ত ধৰা পৰা ক’ভিড-১৯ সন্দেহযুক্ত বা পজিটিভ ৰোগীৰ বাবে দিল্লীৰ নিখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্রতিষ্ঠানে ইতিমধ্যে গাইডলাইন জাৰি কৰিছে ৷

বুধবাৰে এইমছৰ দিল্লীৰ পৰিচালকে চিকিৎসালয়খনৰ সকলো বিভাগৰ মুৰব্বীৰ সৈতে ক’ভিড-১৯ৰ আকস্মিক ব্যৱস্থা সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ বৈঠকত ক’ভিড-১৯ পৰীক্ষাৰ নীতি, পজিটিভ ৰোগীৰ বাবে নির্ধাৰিত এলেকা, আৰু তেওঁলোকক চিকিৎসালয়ত ভর্তিৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক: কৰ্ণাটকত কোভিড নিৰ্দেশনা জাৰি; মাস্ক পৰিধান, ৭ দিনৰ আইছ'লেচন বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.