ETV Bharat / sukhibhava

Tricolour Recipes: স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ ব্যঞ্জনবোৰ ঘৰতে কৰক তৈয়াৰ

author img

By

Published : Aug 15, 2023, 2:20 PM IST

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস এই উপলক্ষে আজি ঘৰতে জাতীয় পতাকাৰ থিমৰ সৈতে তৈয়াৰ কৰক এইসমূহ খাদ্য ৷ ব্ৰেকফাষ্টৰ পৰা লাঞ্চ আৰু ডিনাৰলৈকে খাদ্যত দিয়ক এক নতুন টুইষ্ট ৷

Independence Day Recipes
স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ ব্যঞ্জনবোৰ ঘৰতে কৰক তৈয়াৰ

২০২৩ চনৰ ১৫ আগষ্টত সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । চৌদিশে দেশপ্ৰেমৰ ৰং দেখা গৈছে । কাপোৰৰ পৰা খাদ্যলৈকে জাতীয় পতাকাৰ থিম দেখিবলৈ পোৱা গৈছে । স্বাধীনতা দিৱস উপলক্ষে খাদ্য-পানীয়তো দেশ প্ৰেমৰ ৰং মিহলি কৰিব পাৰে । সেয়ে আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আপুনিও কমলা, বগা আৰু সেউজীয়া ৰঙৰ বহুতো ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে । কেনেকৈ জানো আহক-

যদি আপুনিও স্বাধীনতা দিৱসৰ দিনটোত বিশেষ কিবা এটা কৰিব বিচাৰে, তেন্তে আপুনি ত্ৰিৰংগ থিমৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ আৰু ড্ৰিংকছ প্ৰস্তুত কৰিব পাৰে । আহকচোন দেশৰ পতাকাৰ থিম লৈ তৈয়াৰী কিছুমান খাদ্য আৰু ইয়াৰ ৰেচিপি জানো আহক ।

১৫ আগষ্টত খাদ্যত ত্ৰিৰঙী থিমটোক টুইষ্ট দিবও পাৰে । দুপৰীয়া বা ৰাতিৰ আহাৰত ত্ৰিৰঙী ভাত খাই চাব পাৰে । ইয়াত আমি সেউজীয়া, বগা আৰু কমলা ৰঙৰ তিনিটা তৰপ বনাম, যাতে ইয়াৰ থিমটো ত্ৰিৰংগ দেখা যায় ।

তিনিৰঙী পানীয়

স্বাধীনতা দিৱস উপলক্ষে আপুনি এটা আচৰিত ত্ৰিৰংগ পানীয় বনাবলৈ চেষ্টা কৰিব পাৰে । কিৱি, আইচক্ৰীম আৰু আমৰ সৈতে আপুনি সহজেই এই স্বাস্থ্যকৰ তিনিৰঙী পানীয় বনাব পাৰে । গিলাচত কমলা, বগা আৰু সেউজীয়া ৰঙৰ এই পানীয়টো সকলোৱে ভাল পাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিৰঙী ইডলী

যদি আপুনি ইডলী খাবলৈ ভাল পায়, তেন্তে আপোনাৰ ইডলীকো ৰঙীন ত্ৰিৰংগ টুইষ্ট দিব পাৰে । প্লেটত সজাই থোৱা ৰঙীন ইডলী সকলোৱে ভাল পাব । গাজৰ আৰু পালেং ব্যৱহাৰ কৰি কমলা আৰু সেউজীয়া ৰং দিব পাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিৰঙী ঢোকলা

কেৱল ইডলিয়েই নহয়, গুজৰাটী খাদ্য ঢোকলাও ত্ৰিৰংগ থিমত অতি সুন্দৰ দেখা যায় । আপুনি ঢোকলাৰ বেটাৰ বিভিন্ন ৰঙৰ প্ৰস্তুত কৰি সোৱাদযুক্ত তিনিৰঙী থিমৰ ঢোকলা বনাই পৰিবেশন কৰিব পাৰে । ল'ৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে বহুত ভাল পাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিৰঙী উপমা

ব্ৰেকফাষ্টৰ বাবে উপমা অতি উত্তম বিকল্প, যিটো খাবলৈ সোৱাদ পোৱাই নহয়, প্ৰস্তুত কৰিবলৈও অতি কম সময় লাগে । বিশেষকৈ ল’ৰা-ছোৱালীয়ে বৰ ভাল পায় । ইয়াত কিছুমান শাক-পাচলিও যোগ কৰা হয়, গতিকে ই এক পুষ্টিকৰ ৰেচিপি । স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত আপুনিও ঘৰতে অতি সহজে প্ৰস্তুত কৰিব পাৰে সুস্বাদু ত্ৰিৰংগ উপমা ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Independence Day Special: ত্ৰিৰংগৰ চেণ্ডুইচৰ সৈতে স্বাধীনতা দিৱসক কৰি তোলক বিশেষ, জানি লওক ৰেচিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.