ETV Bharat / sukhibhava

আপোনাৰ শিশুটিক কৰ’নাৰ নতুন ভেৰিয়েন্টৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰে নেকি ? তেন্তে গ্ৰহণ কৰক এইসমূহ পদ্ধতি

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:00 PM IST

If you want to keep children safe from the new Variant of Corona, then do these methods
আপোনাৰ শিশুটিক কৰ’নাৰ নতুন ভেৰিয়েন্টৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰে নেকি ? তেন্তে গ্ৰহণ কৰক এইসমূহ পদ্ধতি

Covid-19 JN.1: বছৰটো পাৰ হোৱাৰ লগে লগে কৰ’নাই আকৌ এবাৰ টোকৰ মাৰিছে । শেহতীয়াকৈ দেখা দিয়া Coronaৰ নতুন sub-variant JN.1য়ে পুনৰ সমগ্ৰ বিশ্বতে Coronaৰ সংক্ৰমণ বৃদ্ধি কৰিছে । এনে পৰিস্থিতিত নৱবৰ্ষৰ সময়ত নিজকে সুৰক্ষিত ৰখাটো অতি প্ৰয়োজনীয় । যদি আপুনি আপোনাৰ সন্তানক এই নতুন ভেৰিয়েন্টৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে এনেদৰে লওক আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ যতন-

কৰ’না মহামাৰীয়ে পুনৰবাৰ জনসাধাৰণৰ বাবে অশান্তিৰ কাৰণ হৈ পৰিছে ৷ বিগত কিছুদিনৰ পৰা এই ভয়ংকৰ মহামাৰীৰ ক্ষেত্ৰ হ্ৰাস পাইছে যদিও শেহতীয়াকৈ উদ্ভৱ হোৱা ইয়াৰ নতুন উপ-ভেৰিয়েণ্টে পুনৰবাৰ মানুহৰ চিন্তা বৃদ্ধি কৰিছে ৷

দৰাচলতে আজি কিছুদিনৰ পৰা বিশ্বৰ বহু দেশত Corona JN.1 ৰ ঘটনা সংঘটিত হৈ আছে ৷ খোদ ভাৰতৰ বহু ৰাজ্যৰ পৰা ইয়াৰ ক’ভিড-১৯ৰ সংক্ৰমণ পোৱা গৈছে৷ এনে পৰিস্থিতিত স্বাস্থ্য বিশেষজ্ঞসকলে এতিয়া এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কৰ’নাৰ এই নতুন উপ-ভেৰিয়েণ্টটোক Corona ৰ অন্যান্য ভেৰিয়েন্টতকৈ অধিক সংক্ৰামক বুলি গণ্য কৰিছে ৷ এনে পৰিস্থিতিত নৱবৰ্ষক আদৰি লোৱাৰ আগতে আকৌ এবাৰ কৰ’নাৰ আগমণে মানুহক চিন্তিত কৰি তুলিছে ৷ এনে পৰিস্থিতিত উৎসৱৰ বতৰত বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত লোৱা যতন আৰু ইয়াৰ সংক্ৰমণ ৰোধ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ ৷

এনে পৰিস্থিতিত আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক উল্লেখ কৰিম যে, কৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ মাজত আপুনি নিজৰ সন্তানক সুৰক্ষিত ৰাখিবলৈ কি কি কথা মনত ৰখাটো উচিত জানো আহক-

সামাজিক দূৰত্ব

কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্বৰ সৰ্বোত্তম উপায় । এনে পৰিস্থিতিত ল’ৰা-ছোৱালীক সুৰক্ষিত ৰখাৰ বাবে বিশেষকৈ স্কুল বা ৰাজহুৱা স্থানত, য’ত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বেছি, তেনে ঠাইত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সন্তানক উৎসাহিত কৰক ।

মাস্ক ব্যৱহাৰ কৰক

যিকোনো ধৰণৰ ভাইৰাছৰ পৰা হাত সাৰিবলৈ মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত নিজৰ সন্তানক কৰ'নাৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক পৰিধান কৰাৰ অভ্যাস কৰক । বিশেষকৈ ভিৰ বা বন্ধ ঠাইত মাস্ক ব্যৱহাৰ কৰাটো নিশ্চিত কৰক । অভিভাৱকসকলে এই ক্ষেত্ৰত বিশেষ যত্ন ল’ব লাগে যাতে শিশুৱে নাক আৰু মুখৰ ওপৰত ভালদৰে ফিট হোৱা মাস্ক পৰিধান কৰে ।

সঘনাই হাত ধোৱা

আপোনাৰ ল’ৰা-ছোৱালীক ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বুজাওক আৰু কমেও ২০ ছেকেণ্ডৰ বাবে চাবোন বা হেণ্ড ৱাচেৰে সঘনাই হাত ধুবলৈ উৎসাহিত কৰক । লগতে শিশুসকলক বাৰে বাৰে হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ নকৰিবলৈ কওক ।

টিকাকৰণ

কৰ’নাৰ পৰা হাত সাৰিবলৈ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল টিকাকৰণ । কৰ’নাৰ বিৰুদ্ধে চলি থকা এই যুঁজত টিকাকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এনে পৰিস্থিতিত সন্তানক সুৰক্ষিত ৰাখিবলৈ শিশুৰ বাবে টিকাকৰণৰ সৈতে জড়িত সকলো নতুন নিৰ্দেশনাৰ বিষয়ে অৱগত থাকক । অভিভাৱকসকলেও নিশ্চিত কৰিব লাগে যে ঘৰৰ সকলো লোকে যাতে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে ।

সঠিক বায়ু চলাচলৰ ব্যৱস্থা কৰা

ঘৰত বা ল’ৰা-ছোৱালী বহুত থকা ঠাইত সঠিকভাৱে বায়ু চলাচলৰ ব্যৱস্থা কৰক । সঠিকভাৱে বায়ু চলাচল কৰিলে ভাইৰাছৰ সম্ভাৱনা কম হয় । সম্ভৱ হ’লে ঘৰৰ ভিতৰত বায়ু চলাচল ভাল কৰিবলৈ খিৰিকী বা দুৱাৰ খোলা ৰাখিব লাগে ।

​লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে ডাৰ্ক চকলেট খাব পাৰেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.