ETV Bharat / sukhibhava

Healthy Leaves: শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিডক নিয়ন্ত্ৰণ কৰিব এই ৫বিধ পাতে

author img

By

Published : Aug 21, 2023, 7:30 PM IST

অনিয়মিত জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাসৰ বাবে শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ যদি আপুনিও এই ৰোগত ভুগে, তেন্তে ইয়াৰ পৰা মুক্তি পাবলৈ এই পাঁচবিধ সেউজীয়া পাত খাবলৈ আৰম্ভ কৰক ৷ আহকচোন ইয়াৰ বিষয়ে জানো....

Healthy Leaves: These 5 miraculous leaves will eliminate the increased uric acid in the body, eat daily
শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিডক নিয়ন্ত্ৰণ কৰিব এই ৫বিধ পাতে

শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাটো এনেকুৱা এটা সমস্যা যাৰ বাবে আন গুৰুতৰ ৰোগৰো আশংকা বৃদ্ধি পায় ৷ দৰাচলতে যেতিয়া আমাৰ শৰীৰত দূষিত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু সেইবোৰ ওলাই আহিব নোৱাৰে তেতিয়া ইয়াক ইউৰিক এচিড বৃদ্ধি বুলি কোৱা হয় ৷ মূলতঃ ইয়াৰ বাবেই পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থ এটা শৰীৰত ভাঙিবলৈ আৰম্ভ কৰে ৷ ই পোনে পোনে তেজত জমা হ’বলৈ আৰম্ভ কৰে ৷ যেতিয়া ইয়াৰ অতিৰিক্ততা আৰম্ভ হয়, তেতিয়া ভৰিত অসহ্যকৰ বিষ আৰু ফুলাৰ সমস্যা আৰম্ভ হয় ৷

ইউৰিক এচিড বৃদ্ধি হ’লে চিকিৎসকৰ পৰামৰ্শ মতে কিছুমান ঔষধ খাবলৈ আৰম্ভ কৰে ৷ কিন্তু আজি আমি আপোনালোকক এনে পাঁচটা উপায়ৰ বিষয়ে ক'বলৈ ওলাইছো, যি উপায় অৱলম্বন কৰি আপুনি শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড হ্ৰাস কৰিব পাৰিব ৷ এইবোৰ কিছুমান অলৌকিক পাত, যিবোৰ আপুনি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ৷ আহকচোন ইয়াৰ বিষয়ে জানো....

১) তুলসীৰ পাত

বহু প্ৰকাৰৰ সংক্ৰমণ তুলসীৰ পাত খালে নাইকিয়া হয় ৷ একেদৰে ইউৰিক এচিড কমোৱাতো তুলসী অতি উপকাৰী ৷ আপুনি নিয়মিতভাৱে তুলসী চোবাই খাওক ৷ অথবা ইয়াৰ পানী উতলাই পান কৰক ৷ ইয়াৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব ৷

২) পাণৰ পাত

স্বাস্থ্যৰ বাবে পাণৰ পাত অতি ফলপ্ৰসূ ৷ শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড কমোৱাতো বেটেল পাত অতি ফলপ্ৰসূ ৷ পাণৰ পাত সেৱন কৰিলে তেজত ইউৰিক এচিডৰ স্ফটিক বাহিৰলৈ ওলাই আহে ৷

৩) নৰসিংহ পাত

যদি আপোনাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাইছে, তেন্তে খাদ্যত নৰসিংহৰ পাত অন্তৰ্ভুক্ত কৰাটো আৰম্ভ কৰক ৷ দৈনন্দিন খাদ্যত নৰসিংহৰ পাত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ তেজত জমা হোৱা ইউৰিক এচিড ক্ৰমান্বয়ে হ্ৰাস পাব ৷

৪) মেথি পাত

ইউৰিক এচিডৰ সমস্যাতো মেথি পাত অতি উপকাৰী ৷ এই শাক যিকোনো পদ্ধতিৰে বনাই খাব পাৰে ৷ মেথিত আইৰণো প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইচ্ছা কৰিলে মেথিৰ পাত চোবাই খাবও পাৰে ৷ এনেকৈ খালে শৰীৰত ইউৰিক এচিড নিয়ন্ত্ৰিত হ’ব ৷

৫) ধনীয়াৰ পাত

ধনীয়া পাত প্ৰায় বহু প্ৰকাৰৰ খাদ্যত ব্যৱহাৰ কৰা হয় ৷ ইউৰিক এচিডৰ পৰা মুক্ত হোৱাতো এই পাত সহায়ক ৷ ধনীয়া পাত ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ ৷ ইয়াৰ সুগন্ধিও বৰ ভাল ৷ সেয়ে এইবিধ পাতক আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

লগতে পঢ়ক: Symptoms of heatstroke: হিট ষ্ট্ৰ’কৰ লক্ষণ তথা ল’ব লগীয়া সাৱধানতাসমূহ কি কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.