ETV Bharat / sukhibhava

শৰীৰত কেতিয়াও হ’বলৈ নিদিব Vitamin-Cৰ অভাৱ; হ’ব পাৰে এই সমস্যা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:33 PM IST

শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থ অতি গুৰুত্বপূৰ্ণ । কিন্তু আপুনি জানেনে ভিটামিন চিৰ অভাৱৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে । সেয়েহে শৰীৰে ভিটামিন চিৰ সঠিক পৰিমাণ পোৱাটো অতি প্ৰয়োজনীয় ।

Deficiency of Vitamin C can cause these major diseases
শৰীৰত কেতিয়াও হ’বলৈ নিদিব Vitamin-Cৰ অভাৱ; হ’ব পাৰে এই সমস্যা

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমি উপযুক্ত পুষ্টি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ আনহাতে শৰীৰৰ বৃদ্ধিৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থ অতি গুৰুত্বপূৰ্ণ ৷ আনহাতে ভিটামিন চি শৰীৰৰ বাবে ভাল কাৰণ ভিটামিন চিৰ অভাৱৰ বাবে শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু যিকোনো ধৰণৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সহায় কৰে ৷ সেয়েহে যদি আপোনাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হয় তেন্তে আপুনি বহু সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হ’ব পাৰে ৷ গতিকে এই প্ৰতিবেদনত আমি আপোনালোকক ক'বলৈ ওলাইছো যে শৰীৰত ভিটামিন চিৰ অভাৱৰ বাবে কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷

ভিটামিন চিৰ অভাৱত হ’ব পাৰে শৰীৰত এই ৰোগ

ডায়েবেটিছ ৰোগ

ভিটামিন চিৰ অভাৱত ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি পায় ৷ গতিকে ডায়েবেটিছ ৰোগীয়ে ভিটামিন চি সমৃদ্ধ ফল সেৱন কৰক ইয়াৰ দ্বাৰা আপুনি নিশ্চয় উপকৃত হ’ব ৷

হৃদৰোগ

ভিটামিন চিৰ অভাৱত হৃদৰোগৰ জন্ম হয়৷ হয়, Vitamin Cৰ অভাৱৰ বাবে আপুনি হাৰ্ট এটেক, হাৰ্ট ষ্ট্ৰোক আদি সমস্যাত ভুগিব পাৰে ৷ হৃদৰোগীয়ে ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে ৷ এনে কৰিলে আপোনাৰ হৃদযন্ত্ৰজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷

তেজৰ অভাৱ

ভিটামিন চিৰ অভাৱত ৰক্তহীনতাৰ আশংকা থাকে৷ ৰক্তহীনতাত ভুগি থকা লোকসকলে আইৰণৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন চি সেৱন কৰিব লাগে ৷

মুখৰ সমস্যা

ভিটামিন চিৰ অভাৱত দাঁত আৰু দাঁতৰ গুৰি দুৰ্বল হৈ পৰে ৷ ইয়াৰ অভাৱৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ যাৰ বাবে অসুস্থ হোৱা, সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হোৱা আৰু অন্যান্য সমস্যাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় ৷

লগতে পঢ়ক: Health Benefits of Orange: ভিটামিন ‘চি’ৰে সমৃদ্ধ কমলা খাওক স্বাস্থ্যকাৰী গুণাগুণ হাততে পাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.