ETV Bharat / sukhibhava

ভাৰতত নতুনকৈ Covid-19 আক্ৰান্তৰ সংখ্যা ৭৯৭ জনলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:03 PM IST

covid19 cases-update in india on 29 december
ভাৰতত নতুনকৈ Covid-19 আক্ৰান্তৰ সংখ্যা ৭৯৭ জনলৈ বৃদ্ধি

ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰনা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ চলিত বৰ্ষৰ ১৯ মে’ৰ পৰা সৰ্বাধিক ক’ৰনা ভাইৰাছ সংক্ৰমিত ৰোগী ধৰা পৰিছে । স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৭৯৭ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগতে দেশত প্ৰায় সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৯১ জনলৈ বৃদ্ধি পায় ৷

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ: বিগত ২৪ ঘন্টাত দেশত ৭৯৭ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগতে দেশত প্ৰায় সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৯১ জনলৈ বৃদ্ধি পায় ৷ চলিত বৰ্ষৰ ১৯ মে’ৰ পিছত দেশত এদিনত সৰ্বাধিক কৰ’না সংক্ৰমণৰ সংখ্যা ৷ শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰদান কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে শুকুৰবাৰে পুৱা ৮ বজালৈকে আপডেট কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ক’ৰনা সংক্ৰমণৰ বাবে ৫জন লোকৰ মৃত্যু হৈছে ৷

ভাৰতত নতুনকৈ ৭৯৭ জন Covid-19 আক্ৰান্ত, ৫ জন ৰোগীৰ মৃত্যু: মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত কেৰালাত দুজন আৰু মহাৰাষ্ট্ৰ, পুডুচেৰী আৰু তামিলনাডুত Covid-19ৰ বাবে এজনকৈ ৰোগীৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৯ ​​মে’ত দেশত ৮৬৫জন নতুনকৈ সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছিল ৷ ঠাণ্ডা আৰু Coronavirusৰ নতুন ভেৰিয়েন্ট JN.1 বাবে শেহতীয়াকৈ সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰতত মুঠ Covid-19 আক্ৰান্তৰ সংখ্যা ৪,৫০,১০,৯৪৪ জন, মৃত্যুৰ সংখ্যা ৫,৩৩,৩৫১ জন । নতুন Covid sub-variantৰ উত্থান আৰু ঠাণ্ডা বতৰৰ বাবে আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি এই পৰ্যন্ত সংক্ৰমণৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪ কোটিলৈ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ ৷ মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ক’ভিড ১৯ বিৰোধী প্ৰতিষেধক অভিযানৰ অধীনত এই পৰ্যন্ত ২২০.৬৭ কোটি ড’জ প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, বুধবাৰে এইমছৰ দিল্লীৰ পৰিচালকে চিকিৎসালয়খনৰ সকলো বিভাগৰ মুৰব্বীৰ সৈতে ক’ভিড-১৯ৰ আকস্মিক ব্যৱস্থা সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ বৈঠকত ক’ভিড-১৯ পৰীক্ষাৰ নীতি, পজিটিভ ৰোগীৰ বাবে নির্ধাৰিত এলেকা, আৰু তেওঁলোকক চিকিৎসালয়ত ভর্তিৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক: ভাৰতত ২৪ ঘন্টাত Covid-19 আক্ৰান্ত হৈ ৬জন লোকৰ মৃত্যু; নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৯২লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.