ETV Bharat / sukhibhava

বিশ্ববাসীৰ বাবে সুখবৰ ! এই সময়ত অন্ত পৰিব পাৰে মাৰাত্মক Covid-19, WHOয়ে জনালে এই কথা

author img

By

Published : Dec 15, 2022, 5:34 PM IST

covid19 probably end next year says who chief tedros adhanom on covid 19 global health emergency end date
বিশ্ববাসীৰ বাবে সুখবৰ! এই সময়ত অন্ত পৰিব পাৰে মাৰাত্মক Covid-19, WHOয়ে জনালে এই কথা

আগন্তক বছৰ ক'ভিড-১৯ বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা নহ’ব বুলি আশা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে । সবিশেষ পঢ়ক...

ইন্টাৰনেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ: আগন্তক বছৰ ক'ভিড-১৯ বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা নহ’ব বুলি আশা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে । জেনেভাত এখন সংবাদমেল সম্বোধন কৰি ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে, আগন্তক মাহত WHOৰ কভিড-১৯ জৰুৰীকালীন কমিটীয়ে ক'ভিড-১৯ৰ জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ কথা ঘোষণা কৰিব । তেওঁ কয়, আমি আশা কৰিছো যে, অহা বছৰৰ কোনোবা এটা সময়ত আমি ক’ব পাৰিম যে ক'ভিড-১৯ এতিয়া আৰু বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা নহয়(Covid 19 end next year says who chief)।

অৱশ্যে WHO DG Tedros Adhanom Ghebreyesus য়েও কয় যে, Covid 19 মহামাৰীৰ বাবে দায়ী SARS COV 2 ভাইৰাছৰ অন্ত নপৰে । influenza আৰু RSV(respiratory syncytial virus) কে ধৰি অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে সকলো দেশেই ইয়াক পৰিচালনা কৰিবলৈ শিকিব লাগিব বুলিও তেওঁ কয় । WHO chief Tedros Adhanom Ghebreyesusয়ে কয় যে মহামাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হ’ল সকলো দেশেই মহামাৰীৰ প্ৰস্তুতি, প্ৰতিৰোধ, ধৰা পেলোৱা আৰু দ্ৰুত সঁহাৰিৰ বাবে নিজৰ জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজন(Global health emergency end date) ।

সংক্ৰমণ আৰু পুনৰ সংক্ৰমণৰ সতৰ্কবাণী: আন এটা গুৰুত্বপূৰ্ণ শিক্ষা হ’ল প্ৰতিযোগিতাতকৈ সহযোগিতাৰ অধিক প্ৰয়োজনীয়তা, যিয়ে ক’ভিড-১৯ৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ চিন স্বৰূপ(Corona latest news) ।

ইফালে, WHOৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰিকৰী নেতৃত্ব মাৰিয়া ভান কেৰখ’ভে বিশ্বজুৰি সংক্ৰমণ আৰু পুনৰ সংক্ৰমণৰ বিষয়ে সকীয়াই দিয়ে । WHOৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইক ৰিয়ানে সকীয়াই(Mike Ryan executive director WHO Health Emergencies Program) দিছে যে বিশ্বই এতিয়াও নাজানে যে ভৱিষ্যতে SARS COV 2 virus ভাইৰাছৰ বিকাশ কেনেকুৱা হ’ব আৰু এনে অনিশ্চয়তাই ইয়াৰ আশংকা বৃদ্ধি কৰে(Global health emergency) ।

লগতে পঢ়ক: Tactical Weapon: কি হয় কৌশলী অস্ত্র ? ইয়াৰ বিষয়ে সবিশেষ জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.