ETV Bharat / sukhibhava

Child Health Care: শিশুৰো হ’ব পাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ; অভিভাৱকসকলে কেনেদৰে ল’ব যতন

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:03 PM IST

যদি মূত্ৰাশয়ৰ যিকোনো অংশত সংক্ৰমণ হয়, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু বিষ হ'ব পাৰে ৷ শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয় আৰু শিশুক ইয়াৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব পাৰি, সেই বিষয়ে অভিভাৱকসকল জ্ঞাত হোৱাটো খুবেই প্ৰয়োজন ৷ জানি লওক এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ শিশুটিৰ কেনেদৰে ল’ব যতন...

Children can also have urinary infections How parents will take care
শিশুৰো হ’ব পাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ; অভিভাৱকসকলে কেনেদৰে ল’ব যতন

যিকোনো সময়তে ভয়াৱহ ৰূপ ধাৰণ কৰা এক অন্যতম শাৰীৰিক সমস্যা হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণ ৷ কেৱল প্ৰাপ্তবয়স্ক তথা বৃদ্ধসকলৰেই নহয়, শিশুৰো হ’ব পাৰে এই সংক্ৰমণ ৷ প্ৰস্ৰাৱৰ সংক্ৰমণক মূত্ৰাশয়ৰ সংক্ৰমণ বুলিও কোৱা হয় ৷ বিশেষজ্ঞসকলৰ মতে, যদি মূত্ৰাশয়ৰ যিকোনো অংশত সংক্ৰমণ হয়, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু বিষ হ'ব পাৰে ৷ শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয় আৰু তেওঁলোকক ইয়াৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব পাৰি, সেই বিষয়ে অভিভাৱকসকল জ্ঞাত হোৱাটো খুবেই প্ৰয়োজন ৷

শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয় ?

বিশেষজ্ঞসকলৰ মতে, শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণ চিনাক্ত কৰাটো অতি কঠিন ৷ কিয়নো তেওঁলোকে তেওঁলোকৰ সমস্যাৰ বিষয়ে সহজে একো ক'ব নোৱাৰে ৷ সেয়েহে, শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হৈছে নে নাই জানিবলৈ ইউটিআই পৰীক্ষা কৰা হয় ৷

লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰা বা সৰু শিশুক দীঘলীয়া সময়ৰ বাবে ডাইপাৰ পিন্ধাৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হ'ব পাৰে ৷ ইউটিআই সংক্ৰমণ হ'লে শিশুৰ দেহত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে ৷ ইয়াৰে অন্যতম লক্ষণ হৈছে জ্বৰ ৷ আনহাতে, যদি শিশুটোৱে সঘনাই প্ৰস্ৰাৱ কৰে আৰু প্ৰস্ৰাৱ কৰোতে তেওঁলোকৰ সমস্যা হয়, তেনেহ'লে অভিভাৱকসকলে সতৰ্ক হোৱা উচিত ৷ এই সকলোবোৰ সমস্যা শিশুৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণো হ'ব পাৰে ৷ প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত শিশু এটাই জ্বৰ, কাণৰ বিষ, ফ্লু আদিৰ দৰে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ৷

কিদৰে সুৰক্ষা দিব ?

  • শিশুসকলক প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ অভিভাৱকে তেওঁলোকক ‘ৱাছৰুম’ বা প্ৰস্ৰাৱ কৰা ঘৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকাই দিব লাগে ৷ ইয়াৰ বাহিৰেও, শিশুটোক বুজাব লাগে যে লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰিলে এই সমস্যাৰ আশংকা আৰু অধিক বৃদ্ধি হ'ব পাৰে ৷
  • আপোনাৰ সন্তানক ৰাজহুৱা স্থানত পৰিস্কাৰ ‘ৱাশৰুম’ ব্যৱহাৰ কৰিবলৈ শিকাব ৷
  • প্ৰস্ৰাৱ কৰাৰ পিছত গুপ্তাংগ ধুবলৈ শিকাব ৷
  • তেওঁলোকক যথেষ্ট পৰিমাণে পানী খাবলৈ কওঁক যাতে তেওঁলোকৰ শৰীৰ হাইড্ৰেটেড হৈ থাকে ৷ সৰু ল’ৰা-ছোৱালীক ৩-৪ ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰাব ৷ ই সংক্ৰমণৰ আশংকাও হ্ৰাস কৰিব ৷
  • যদি আপোনাৰ সন্তানৰ আগতে প্ৰস্ৰাৱৰ সংক্ৰমণ হৈছে, তেওঁলোকক পানী বেছিকৈ খাবলৈ দিব ৷
  • সন্তানৰ অন্তৰ্বাস দৈনিক সলনি কৰিব ৷ কিবা খোৱাৰ আগতে হাত পৰিস্কাৰ কৰিবলৈ শিকাব ৷

লগতে পঢ়ক: Pulses: আমি কিয় দৈনিক দালি খাব লাগে ? উপকাৰিতা জানি আপুনিও হ’ব আচৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.