ETV Bharat / sukhibhava

Pulses: আমি কিয় দৈনিক দালি খাব লাগে ? উপকাৰিতা জানি আপুনিও হ’ব আচৰিত

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:06 PM IST

দালিক আমি বিভিন্ন ধৰণে খাবলৈ পচন্দ কৰো ৷ কিন্তু আপুনি জানেনে যে ইয়াক গ্ৰহণ কৰাৰ কিমান আচৰিত উপকাৰিতা আছে ৷ তেন্তে আহক আজি আমি দৈনিক দালি খোৱাৰ উপকাৰিতা জানি লও ৷

What are the benefits of eating pulses daily?
আমি কিয় দৈনিক দালি খাব লাগে ? উপকাৰিতা জানি আপুনিও হ’ব আচৰিত

বেছিভাগ মানুহেই সুস্থ জীৱনশৈলী মানি চলিব বিচাৰে, কিন্তু কেতিয়াবা সঠিক পৰামৰ্শৰ অভাৱত সেয়া সম্ভৱ নহয় ৷ প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনন্দিন খাদ্যত দালি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে, য’ত মাটি দালি, মচুৰ দালি, বুট, মগু আদি অন্তৰ্ভুক্ত কৰা হয় ৷ ইয়াক ছুপাৰফুডৰ শ্ৰেণীত ৰখা হয় ৷ দৈনন্দিন জীৱনত কিয় দালি সেৱন কৰিব লাগে জানো আহক-

দালি খোৱাৰ অগণন উপকাৰিতা

১) পুষ্টিকৰ শক্তি কেন্দ্ৰ

আইৰণ, জিংক, পটাছিয়াম আৰু ভিটামিন বি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দালিয়ে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায় আৰু শৰীৰৰ বিভিন্ন কাৰ্য সঠিকভাৱে সম্পন্ন কৰাত সহায় কৰে ৷

২) প্ৰ’টিনেৰে সমৃদ্ধ

দালি হৈছে উদ্ভিদভিত্তিক প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে নিৰামিষভোজীসকলৰ বাবে প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এক উত্তম বিকল্প লাভ কৰে ৷

৩) আঁহ সমৃদ্ধ খাদ্য

দালিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ৷ ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা ৰোধ হয় ৷

৪) হৃদযন্ত্ৰৰ স্বাস্থ্য

দালিত ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অনুকূল ৷ ইহঁতৰ সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

৫) ডায়েবেটিছত সহায়ক

দালিত থকা পুষ্টিকৰ উপাদানে ৰক্তশৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰাত সহায় কৰে, যাৰ বাবে বেছিভাগ খাদ্য বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক দালি খাবলৈ পৰামৰ্শ দিয়ে ৷

৬) ওজন কম হ’ব

দালিত প্ৰ’টিন আৰু আঁহৰ সংমিশ্ৰণ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আপোনাক পেট পূৰ হোৱা যেন অনুভৱ কৰাই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

৭) কৰ্কট ৰোগৰ আশংকা কম কৰে

বহু গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে দালি সেৱন কৰিলে কলন কেন্সাৰকে ধৰি কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷

লগতে পঢ়ক: Skin Care Tips: আপোনাৰ ছালৰ বাবে বিপদজনক এই ৭টা অভ্যাস; আজিয়েই ত্যাগ কৰক এই অভ্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.