ETV Bharat / sukhibhava

Chhath Puja 2023: কেতিয়া পালন কৰা হ’ব ষঠ পূজা ? অৰ্ঘৰ সঠিক দিন তথা সময় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:56 PM IST

বিহাৰ, ঝাৰখণ্ড আৰু পূব উত্তৰ প্ৰদেশৰ লোকবিশ্বাসৰ এক পৰিচিত উৎসৱ হৈছে ষঠ পূজা । ইয়াৰ প্ৰস্তুতি কেইবাদিনো আগতেই আৰম্ভ কৰা হয় । ভক্তসকলে ৩৬ ঘন্টা নিৰ্জল ব্ৰত ৰাখি ষষ্ঠী মাতাৰ পূজাত মগ্ন হৈ থাকে । চাৰিদিনীয়া ষঠ উৎসৱৰ সকলো তথ্য বিতংভাৱে জানি লওক-

CHHATH IN BIHAR
কেতিয়া পালন কৰা হ’ব ষঠ পূজা ? অৰ্ঘৰ সঠিক দিন তথা সময় জানি লওক

কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালন কৰা হয় ষঠ পূজা উৎসৱ ৷ ইয়াক সূৰ্য ষষ্ঠী বুলিও কোৱা হয় ৷ এই উৎসৱ দীপাৱলীৰ ৬ দিনৰ পিছত পালন কৰা হয় ৷ উত্তৰ ভাৰতৰ ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশত অতি ধুমধামেৰে এই উৎসৱ পালন কৰা হয়৷ আজিৰ দিনটোতে সূৰ্য দেৱতা আৰু ষষ্ঠী মাতাক পূজা কৰি অৰ্ঘ প্ৰদান কৰা হয় ৷ চাৰিদিন ধৰি চলি থকা ষঠৰ আৰম্ভণি হয় নহাই খায়ৰ পৰা ৷

শিশুৰ দীৰ্ঘায়ু, সৌভাগ্য আৰু সুখী জীৱনৰ বাবে ষঠ পূজা ব্ৰত পালন কৰা হয় ৷ মহিলাসকলে ষঠ পূজাৰ সময়ত ৩৬ ঘন্টা পানীবিহীন উপবাস ৰাখে ৷ এই বছৰ কেতিয়া আৰম্ভ হৈছে ষঠ পূজা আৰু সূৰ্য উদয়ৰ সময় কি হ'ব জানো আহক-

Know About Chhath Puja Arghya time And Everything For Four Days
ষঠ পূজা 2023

ষঠ পূজাৰ প্ৰথম দিন

স্নান-ভোজন (নাহাই-খায়ে)- ১৭ নৱেম্বৰ

দেৱালীৰ চতুৰ্থ দিন অৰ্থাৎ চতুৰ্থীত স্নান-ভোজনৰ পৰম্পৰা পালন কৰা হয় ৷ এই দিনটোত কিছুমান বিশেষ ৰীতি-নীতি মানি চলিব লগা হয় ৷ এইবাৰ ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ষঠ পূজা ৷ এই দিনটোত ঘৰখন চাফা কৰি শুদ্ধিকৰণ কৰা হয় ৷ ইয়াৰ পিছত ষঠব্ৰতী স্নান কৰাৰ পিছত বিশুদ্ধ নিৰামিষ খাদ্য গ্ৰহণ কৰাৰ পিছত ব্ৰত আৰম্ভ কৰে ৷ নাহাই খাইত উপবাসী সকলকে ধৰি পৰিয়ালৰ সকলো সদস্যই চাউলৰ লগতে লাউৰ তৰকাৰী, বুটৰ দালি, মূলা আদি সেৱন কৰে ৷ এই পৰম্পৰাত ব্ৰত ৰখা ব্যক্তিগৰাকীয়ে প্ৰথমে খাদ্য খাই শেষ কৰাৰ পিছতহে পৰিয়ালৰ বাকী সদস্যসকলে খাদ্য গ্ৰহণ কৰে ৷

ষঠ পূজাৰ দ্বিতীয় দিন

শুদ্ধিকৰণ (খৰনা)- ১৮ নৱেম্বৰ

দ্বিতীয় দিনা শুক্ল পঞ্চমীত ভক্তসকলে গোটেই দিনটো ব্ৰত ৰাখে ৷ এই দিনটোক খৰনা বুলি কোৱা হয় ৷ এই দিনটোত ভক্তসকলে স্নান, ধ্যান আৰু পুৱা গোটেই দিনটো উপবাস পালন কৰে ৷ পিছদিনা সূৰ্য দেৱতাক অৰ্ঘ দিবৰ বাবে প্ৰসাদো তৈয়াৰ কৰা হয়৷ ৰুটি-গুড়েৰে তৈয়াৰী পায়স সন্ধিয়া পূজাৰ বাবে সাজু কৰা হয় ৷ নতুন মাটিৰ চৌকাত আমৰ গছৰ কাঠেৰে জুই জ্বলাই এই প্ৰসাদ তৈয়াৰ কৰা হয় ৷

ষঠ পূজাৰ তৃতীয় দিন

অস্ত যোৱা সূৰ্যলৈ অৰ্ঘ– ১৯ নৱেম্বৰ

কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথি হৈছে ষঠ পূজাৰ মূল দিন ৷ আজিৰ দিনটোতে ভক্তসকলে সন্ধিয়া সম্পূৰ্ণ ভক্তিৰে পূজাৰ প্ৰস্তুতি চলায় ৷ বাঁহৰ পাচিত অৰ্ঘৰ সামগ্ৰী পৰিবেশন কৰা হয় ৷ এই দিনটোতে ব্ৰত ৰখা গৰাকীয়ে গোটেই পৰিয়ালসহ ঘাটলৈ গৈ অস্তগামী সূৰ্যক অৰ্ঘ আগবঢ়ায় ৷ ইয়াক সন্ধ্যা অৰ্ঘ বুলিও কোৱা হয় ৷

Know About Chhath Puja Arghya time And Everything For Four Days
ষঠ পূজা 2023

চতুৰ্থ দিনত উদয় হোৱা সূৰ্যক অৰ্ঘ প্ৰদান-

চতুৰ্থ দিনৰ পুৱা অৰ্থাৎ কাৰ্তিক শুক্ল সপ্তমীত উদয় হোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰা হয় ৷ আজিৰ দিনটোত সূৰ্য উদয়ৰ আগতেই ভক্তসকলে পানীত থিয় হৈ সূৰ্য দেৱতাৰ দৰ্শন কৰি উদয় হোৱা সূৰ্যক অৰ্ঘ আগবঢ়ায় ৷ অৰ্ঘ আগবঢ়োৱাৰ পিছত ভক্তসকলে প্ৰসাদ সেৱন কৰি ব্ৰত ভংগ কৰে ৷

শুভ সময়: ১৭ নৱেম্বৰত সূৰ্য উদয় ০৬:৪৫ বজাত আৰু সূৰ্যাস্ত ০৫:২৭ বজাত ৷ খৰনাৰ দিনা সূৰ্য উদয়ৰ সময় পুৱা ০৬:৪৬ আৰু সূৰ্যাস্তৰ সময় পুৱা ০৫:২৬ বজাত ৷ ১৯ নৱেম্বৰত সন্ধিয়া অৰ্ঘ প্ৰদান কৰা হ'ব ৷ সূৰ্যাস্তৰ সময় হ’ব নিশা ০৫:২৬ বজাত ৷ চতুৰ্থ আৰু অন্তিম দিনা ২০ নৱেম্বৰত সপ্তমী তিথিত উদয় হোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰা হ’ব ৷ এই দিনটোত সূৰ্য উদয়ৰ সময় পুৱা ০৬:৪৭ বজাত ৷

Know About Chhath Puja Arghya time And Everything For Four Days
ষঠ পূজা 2023

ষঠ সম্পৰ্কীয় পৌৰাণিক মান্যতা: কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও ষঠ উৎসৱক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । এই সময়ত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি স্বাভাৱিকতকৈ অধিক পৰিমাণে পৃথিৱীৰ পৃষ্ঠত জমা হয় । ইয়াৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ এই উৎসৱ পালন কৰা হয় ।

বিশ্বাস কৰা হয় যে, ৰাৱণক বধ কৰাৰ পাছত ভগৱান শ্ৰী ৰাম আৰু মাতা সীতাই কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত উপবাস কৰি সূৰ্য দেৱতাক পূজা কৰিছিল । পিছদিনা অৰ্থাৎ সপ্তমী তিথিত উদয় হোৱা সূৰ্যক পূজা কৰি আশীৰ্বাদ প্ৰাপ্ত কৰে ।

লগতে পঢ়ক: Diwali 2023: দীপাৱলীৰ সময়ত কিয় কৰা হয় লক্ষ্মী দেৱীৰ পূজা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.