ETV Bharat / sukhibhava

Beauty tips: শীতকালতো মুখৰ সৌন্দৰ্য বজাই ৰাখিব কেনেকৈ

author img

By

Published : Oct 13, 2022, 6:33 PM IST

Updated : Oct 13, 2022, 8:59 PM IST

Beauty tips take care of your skin during winter season by applying these home remedies
শীতকালতো মুখৰ সৌন্দৰ্যতা বজাই ৰাখিবলৈ কেইটামান Beauty tips

শীতকালত অতি সহজে ঘৰুৱা উপায়েৰে মুখৰ সৌন্দৰ্য বজাই ৰাখিবলৈ কেইটামান কৌশল জানি লওক...

আমি সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিবলৈ বিচাৰো, সেয়া লাগিলে সাজ পোছাকতেই হওক নাইবা ছালৰ যত্ন লোৱাই হওক(winter skin care) । কিন্তু সকলো সময়তে পাৰ্লাৰ-চেলুন লৈ গৈ নিজক ধুনীয়া কৰি ৰখাটো বৰ্তমান ব্যস্ত পৃথিৱী খনত বৰ জটিল । সেয়ে ঘৰুৱা কিছু পদ্ধতিৰ সহায় লৈ আমি পাৰ্লাৰত গৈ কৰা কাম খিনি সহজে আৰু কম খৰচতে কৰিব পাৰো(Take care of your skin during winter) ।

Beauty tips take care of your skin during winter season by applying these home remedies
শীতকালতো মুখৰ সৌন্দৰ্যতা বজাই ৰাখিবলৈ কেইটামান Beauty tips

তাতে এতিয়া আকৌ সমাগত ঠাণ্ডাৰ দিন, আৰু এই ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে ছাল বোৰ ৰুক্ষ, খহটা, ফাটি যোৱা পৰিলক্ষিত হয়(Beauty tips) । এই সমস্যা দূৰ কৰিবলৈ ঘৰতে আমি বিভিন্ন ধৰণৰ উপায় অবলম্বন কৰিব কৰিব পাৰো । এইবোৰৰ পৰা পৰিত্ৰাণৰ উপায় কি বা কিদৰে আমি নিজক স্বাস্থ্যৰ যত্ন ল’ব পাৰো ? প্ৰকৃতিৰ বুকুত এনে কিছুমান অমৃতসম বনৌষধি আৰু খাদ্যবস্তু আছে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাৰ উপৰিও নানা ৰোগৰ পৰাও বচায়(some skin care tips)।

আমি সদায় খাই থকা কেতবোৰ সাধাৰণ যেন লগা বস্তুৰো অসাধাৰণ গুণ আছে । ঋতুজনিত বেমাৰৰ পৰা ৰক্ষা পাবলৈও বিভিন্ন ঔষধি দ্ৰব্য আছে ৷ ঠিক তেনেকৈ প্ৰাকৃতিক উপায়েৰে শৰীৰ শোধন কৰা বহুতো ঔষধি দ্ৰব্য আছে(how to care your skin during winter)। খাৰ, তিতা আৰু টেঙা প্ৰত্যেকৰে নিজস্ব গুণ আছে ।

জানো আহক কেইটামান কৌশল-

১/ শালমইনা সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ পানী খোৱাটো খুউব জৰুৰী । ইয়াৰ উপৰিও কমলা টেঙা, মৌচুমী, তৰমুজ ,টিয়হ আদি সমূহ সেৱণ কৰিব লাগে, এইসমূহে আমাৰ ছাল ভালে ৰখাত যথেষ্ট সহায় কৰে ।

২/ শালমইনাৰ পৰা নিজকে বচাই ৰাখিবলৈ হ’লে নিমপাতৰ ব্যৱহাৰ খুউব বেছি ভাল । নিমপাতে বিভিন্ন বীজানুৰ পৰা আমাক বচাই ৰাখে ।

৩/ তুলসী এক বিশেষ এবিধ ঔষধি গছ, তুলসীৰ সেৱণে কেৱল ছালৰে নহয় বিভিন্ন দেহৰো ৰোগ নিৰাময় কৰে ।

৪/ নেমু ৰস আৰু মৌ সেৱনো আমাৰ ছাল তথা শৰীৰৰ বাবে অতি উপকাৰী । মৌ মিহলোৱা নেমু পানীয়ে মেদবহুলতা, উচ্চ ৰক্তচাপ, অৰ্শ ৰোগ, কিডনি ষ্টোন আদি বিভিন্ন সমস্যাৰ পৰা আঁতৰত ৰাখে ।

৫/ হালধীৰ এক বিশেষ গুণ আছে, সপ্তাহত যদি তিনি চাৰিবাৰ হালধীৰ ৰস মুখত লগোৱা হয় তেন্তে ছালৰ উজ্বলতা বৃদ্ধি পোৱাৰ উপৰিও ছালৰ বিভিন্ন সমস্যা দূৰ হয় ।

৬/ মচুৰ মাহ মিহিকৈ গুৰি কৰি মুখত লগালেও মুখৰ উজ্বলতা যথেষ্ট বৃদ্ধি পায় লগতে এক সতেজ ছালৰ সৃষ্টি হয় ।

৭/ সঘনাই হাতখন মুখলৈ নিব নালাগে, তেনে কৰিলে হাতত লাগি থকা বিভিন্ন বীজাণু মুখত লাগি শালমইনাৰ সৃষ্টি হয় । সেইকাৰণে যিমান পাৰি হাতখন মুখৰ পৰা আঁতৰাই ৰাখিব লাগে ।

৮/ মুখত শালমইনা উঠিলে হাত বা নখ লগাই ফুটুৱাই বা ভাঙি দিব নালাগে । তেনে কৰিলে আৰু শালমইনাৰ সৃষ্টি হোৱাৰ লগতে সেই ঠাইত কলা দাগ থাকি যোৱাৰ সম্ভাৱনা অধিক থাকে ।

৯/ দিনে প্ৰায় তিনিৰ পৰা চাৰিবাৰ মুখখন ধোৱাটো অতি প্ৰয়োজনীয়, বিশেষকৈ তেলীয়া ছালৰ গৰাকীয়ে সঘনাই মুখখন ধুব লাগে ।

১০/ মানসিক চাপ বাঢ়িলে বা নিশা বহু দেৰিলৈকে টোপনি ক্ষতি কৰিলেও মুখত শালমইনা উঠে । সেইকাৰণে যিমান পাৰি মানসিক চিন্তাৰ পৰা আঁতৰত থাকিব লাগে ।

লগতে পঢ়ক: এই সমূহ ঘৰুৱা পদ্ধতিৰে সকাহ পাব পাৰি বাতবিষৰ পৰা

Last Updated :Oct 13, 2022, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.