ETV Bharat / state

Sankardev Sangha controversy: হৰি মন্দিৰত নৈবদ্য আগবঢ়োৱাৰ বাবেই সংঘৰ পৰা বহিস্কাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:33 PM IST

Sankaradeva Sangha in controversy again
হৰি মন্দিৰত নৈবদ্য আগবঢ়োৱাৰ বাবেই সংঘৰ পৰা বহিস্কাৰ

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ । হৰি মন্দিৰত নৈবদ্য আগবঢ়োৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ কৰিলে এটা পৰিয়ালক । ওদালগুৰি ডিমাকুছিৰ অতুল বৈশ্য নামৰ লোকজনক ডিমাকুছি শাখাই কৰিলে এঘৰীয়া ।

হৰি মন্দিৰত নৈবদ্য আগবঢ়োৱাৰ বাবেই সংঘৰ পৰা বহিস্কাৰ

ওদালগুৰি,৭ নৱেম্বৰ: আকৌ বিতৰ্কত সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ গুৰুজনাৰ নীতি-আদৰ্শক যেন বাৰে বাৰে কুঠাৰাঘাট কৰি আহিছে তেওঁৰে একাংশ শিষ্যই ৷ গুৰুজনাৰ আদৰ্শ প্ৰচাৰৰ নামত তেওঁ এৰি যোৱা মহানুভৱতা, আদৰ্শ যেন কৰবাত ভৰিৰে মোহাৰিছে গুৰুজনাৰ নামত সংঘ স্থাপন কৰি সমাজত এক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰা একাংশ ভক্তই ৷

শংকৰদেৱ গুৰুজনাৰ আদৰ্শক কলংকিত কৰি এইবাৰ শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে গুৰুজনাৰ আদৰ্শত নিজকে সমৰ্পিত এজন ভক্তক ৷ এইবাৰৰ ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছি ৷ হৰিমন্দিৰত ভগৱানৰ নামত শৰাই আগবঢ়োৱাৰ বাবেই শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা মণিকাঞ্চন মণ্ডলৰ অন্তৰ্গত ডিমাকুছি প্ৰাথমিক শাখাই বহিষ্কাৰ কৰিলে অতুল বৈশ্য নামৰ এজন লোকক ৷

২ নং উত্তৰ ডিমাকুছি গাঁৱৰ অতুল বৈশ্য ডিমাকুছি প্ৰাথমিক শাখা শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক ৷ হৰিমন্দিৰত শৰাই আগবঢ়োৱাৰ অপৰাধত এজন লোকক এনেদৰে শংকৰদেৱ সংঘ নামৰ এক পৱিত্ৰ অনুস্থানে বহিষ্কাৰ কৰাটো সমাজ ব্যৱস্থালৈ এক অশনি সংকেট কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে সচেতন লোকে ৷ সংঘৰ এনে সিদ্ধান্তত এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

সংঘৰ এনে হঠকাৰী সিদ্ধান্তত অঞ্চলটোত দীৰ্ঘদিনে অটুত থকা সাতামপুৰুষীয়া সংহতি বিনষ্ট হোৱাৰ আশংকা নথকা নহয় । কিয়নো ইতিমধ্যে অঞ্চলটোৰ লোকসকল দুভাগত বিভক্ত হৈ পৰা দেখা গৈছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ অন্তৰ্গত মনিকাঞ্চল মণ্ডলৰ ডিমাকুছি প্ৰাথমিক শাখাত সংঘটিত এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে সমাজৰ সচেতন লোকসকলে ৷

লগতে পঢ়ক: controversy of Sankardev Sangha Program: মই সৰু মানুহ মোক আজমলে কিনিব পাৰে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.