ETV Bharat / state

ওদালগুৰিত কেঁকো সাপসহ এজনক আটক

author img

By

Published : Oct 16, 2020, 9:26 PM IST

উদ্ধাৰ হোৱা কেঁকো সাপ দুডালৰ মুল্য আন্ত:জাৰ্তিক বজাৰত ডেৰকোটিৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে। সম্প্ৰতি কাৰ্তিক ৰাম গৌড়ক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে

keko snake with one arrested at udalguri
ওদালগুৰিত কেঁকো সাপ সহ এজনক আটক

দৰং,16 অক্টোবৰঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত কুণ্ডৰবিল পথাৰত এছ এছ বি আৰু ওদালগুৰি বন বিভাগে যুটীয়া অভিযান চলাই কাৰ্তিক ৰাম গৌড়ৰ ঘৰৰ পৰা ১.৫০ কেজি ওজনৰ দুডাল জীৱন্ত কেঁকো সাপ উদ্ধাৰ কৰে । এক গোপন সূত্ৰৰ পম খেদি গাৰোবস্তিস্থিত এছ এছ বিৰ বিষয়া সুব্ৰত চৌধুৰী আৰু বন বিষয়া অনুপ নাৰ্জাৰীৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে গৌড়ৰ ঘৰত তালাচী চলাই জীৱন্ত অবস্থাত লুকাই ৰখা দুডাল কেঁকো সাপ উদ্ধাৰ কৰে।

keko snake with one arrested at udalguri
ওদালগুৰিত কেঁকো সাপ সহ এজনক আটক

উল্লেখযোগ্য যে,গৌড়ে দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে কেঁকো সাপ দুডাল তেওঁৰ ঘৰত লুকাই ৰাখিছিল। উদ্ধাৰ হোৱা কেঁকো সাপ দুডালৰ মুল্য আন্ত:জাৰ্তিক বজাৰত ডেৰকোটিৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে। সম্প্ৰতি কাৰ্তিক ৰাম গৌড়ক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে ৷

keko snake with one arrested at udalguri
ওদালগুৰিত কেঁকো সাপ সহ এজনক আটক

লগতে পঢ়কঃ অৰুণোদয় আঁচনিৰ অনিয়মৰ তদন্ত বিচাৰি নলবাৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.