ETV Bharat / state

Har Ghar Tiranga 2022: গোৰেশ্বৰত আৰক্ষীৰ উদ্যোগত সজাগতামূলক শোভাযাত্ৰা

author img

By

Published : Aug 8, 2022, 8:47 PM IST

Awareness march by Goreswar police at Goreswar in tamulpur
হৰ ঘৰ ত্ৰিৰংগা অভিযানকলৈ গোৰেশ্বৰ আৰক্ষীৰ সজাগতামূলক শোভাযাত্ৰা

সোমবাৰে গোৰেশ্বৰত আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত গোৰেশ্বৰৰ মাজেৰে হাতে হাতে ত্ৰিৰংগা লৈ সজাগতামূলক শোভাযাত্ৰা উলিয়ায় (Har Ghar Tiranga march by Goreswar police) ৷ এই কাৰ্যসূচী উদ্বোধন কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই ৷

তামুলপুৰ, 8 আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে (75th years of Independence of India) দেশজুৰি উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল (Har Ghar Tiranga Abhiyan) ।

এই আহ্বানমৰ্মে ‘হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে গোৰেশ্বৰত আৰক্ষীয়ে সোমবাৰে অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত গোৰেশ্বৰৰ মাজেৰে হাতে হাতে ত্ৰিৰংগা লৈ এক বিশাল সজাগতামূলক শোভাযাত্ৰা উলিয়ায় (Har Ghar Tiranga march by Goreswar police) ৷ এই কাৰ্যসূচী উদ্বোধন কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই ৷

হৰ ঘৰ ত্ৰিৰংগা অভিযানকলৈ গোৰেশ্বৰ আৰক্ষীৰ সজাগতামূলক শোভাযাত্ৰা

গোৰেশ্বৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অন্ত পৰে ৷ এই কাৰ্যসূচীত ভাগ লোৱা ৰঙিয়াস্থিত SSBৰ বেংপাৰ্টিৰ দলটোৱে তেওঁলোকৰ বিভিন্ন ক্ৰীড়া পদৰ্শন কৰাৰ লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ NCCৰ কেডেটসকলে পেৰেড প্ৰদৰ্শন কৰে ৷

তামুলপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া, গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

লগতে পঢ়ক: Lit up Rang Ghar with different colors: নানা ৰঙী পোহৰত জিলিকিছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.