ETV Bharat / state

Hagrama Mohilary : উচ্ছেদৰ পিছদিনাই একে স্থানতে উচ্ছেদিক সংস্থাপন দিব হাগ্ৰামা মহিলাৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:18 PM IST

Meeting of BPF Chief Hagrama Mohilary at Rowta
হাগ্ৰামা মহিলাৰী উচ্ছেদ বিৰোধী সভা

উচ্ছেদৰ জাননী পোৱা সংখ্যালঘু ৰাইজৰ কাষত হাগ্ৰামা মহিলাৰী ৷ উচ্ছেদৰ পিছদিনাই একে স্থানতে ঘৰ বনাই দিয়াৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ ৷ বিটিচিৰ সংখ্যালঘু ভোটাৰক প্ৰমোদ বড়োৰ UPPL চৰকাৰে ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

উচ্ছেদৰ জাননী পোৱা সংখ্যালঘু ৰাইজৰ কাষত হাগ্ৰামা মহিলাৰী

ৰৌতা, 23 আগষ্ট : বিটিচিৰ কেইবাটাও প্ৰান্তত উচ্ছেদৰ জাননী প্ৰশাসনৰ ৷ জাননীৰ পিছতে সংখ্যালঘু ৰাইজৰ কাষত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ যদি উচ্ছেদ চলে উচ্ছেদৰ পিছদিনাই একে স্থানতে ঘৰ বনাই দিয়াৰ দায়িত্ব ল’লে হাগ্ৰামা মহিলাৰীয়ে ৷ উচ্ছেদৰ জাননীৰ জৰিয়তে বিটিচিৰ সংখ্যালঘু ভোটাৰক ভাবুকি প্ৰদান কৰিছে প্ৰমোদ বড়োৰ UPPL চৰকাৰে বুলি অভিযোগ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

UPPL ৰ লগত সংখ্যালঘু ৰাইজ চামিল নহ’লে উচ্ছেদৰ জাননী আহিয়েই থাকিব ৷ ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ প্ৰকাৰন্তৰে ভাবুকি প্ৰদান কৰিছে UPPL এ ৷ বুধবাৰে ওদালগুৰি জিলাৰ ৰৌতাৰ সৰ্বহেৰুৱা গাঁৱত উচ্ছেদৰ জাননী পোৱা পৰিয়ালৰ কাষত থিয় হৈ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ উল্লেখ্য যে, সৰ্বহেৰুৱা গাঁৱৰ 42 টা পৰিয়াললৈ প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল ৷ ইতিমধ্যে এই জাননীক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷

বিপিএফ প্ৰধানজনে কয় যে, 2008 চনত বিটিচি অঞ্চলৰ 4.5 লাখ বিঘা মাটিত বেদখল হৈ থকাৰ সন্দৰ্ভত বেদখলকৃত ভূমিত উচ্ছেদ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাকৰ পত্ৰ প্ৰেৰণ কৰিছিল ৷ উচ্ছেদৰ বাবে গোবিন্দ বসুমতাৰী আৰু সাঞ্জাৰা জগৰীয়া বুলি কয় নেতাজনে ৷

তেওঁ কয় যে, ভোটৰ স্বাৰ্থত শংকিত হৈ সংখ্যালঘু সম্প্ৰদায়ক ভাবুকি প্ৰদান কৰিছে প্ৰমোদ বড়োৱে ৷ প্ৰমোদ বড়োৰ কাম নাই বুলি কটাক্ষ হাগ্ৰামাৰ ৷ আনহাতে বিটিচিক বিক্ৰী কৰি প্ৰমোদ বড়োৱে খাই আছে বুলিও কয় নেতাজনে ৷

হাগ্ৰামা মহিলাৰীয়ে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ লগত বিপিএফে মিত্ৰতা নকৰে ৷ বিপিএফে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব বুলি কয় তেওঁ ৷ ইফালে বিজেপি দলৰ আভ্যন্তৰীণ গৃহ কন্দলৰ ওপৰত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে হাগ্ৰামা মহিলাৰী ৷ বিজেপিৰ কৰ্মী, কংগ্ৰেছ কৰ্মী আৰু UPPL কৰ্মীয়ে বিপিএফৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 21 আগষ্টতো চিৰাঙৰ হাশ্ৰাউবাৰীত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অনুষ্ঠিত কৰিছিল উচ্ছেদ বিৰোধী সভা ৷ হাশ্ৰাউবাৰীৰ 19 টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়াৰ পিছতে গাঁওখনত হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ কেন্দ্ৰীয় সঁজাতী দলসহ উপস্থিত হৈ সভা অনুষ্ঠিত কৰিছিল ৷

লগতে পঢ়ক : Palm Oil in Assam: পাম অইল কৃষি বন্ধ কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৃষক সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.