ETV Bharat / state

মাৰণাস্ত্ৰ লৈ কিশোৰৰ ফটো ভাইৰেল : আলফাত যোগদানৰ সন্দেহ অভিভাৱকৰ

author img

By

Published : Jun 17, 2021, 9:23 PM IST

ডিৰাক সোনজান গাঁৱৰ দুজন ছাত্ৰই কামৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ যোৱাৰ পিচত হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল হৈ পৰাৰ পাচতে পুনৰ ডিৰাক গোসাঁই গাঁৱৰ বুধিন বৰগোহাঁই নামৰ এগৰাকী কিশোৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ আলফা(স্বা)ত যোগদান কৰাৰ সন্দেহত কিশোৰজনক ঘৰলৈ উভতি অহাৰ আহ্বান জনাইছে পিতৃ-মাতৃ তথা ভগ্নীয়ে ৷

youth's photo viral with arms
সশস্ত্ৰ সংগঠনত যোগদান কৰাৰ সন্দেহ: উভতি অহাৰ আহ্বান মাতৃৰ

শদিয়া, 17 জুন : কিছুদিনৰ পৰা কাকপথাৰৰ ডিৰাকৰ কেইবাজনো যুৱকে সশস্ত্ৰ সংগঠনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ডিৰাক সোনজান গাঁৱৰ অসীম মৰাণ আৰু মুকুট মৰাণ নামৰ ছাত্ৰ দুজনে কামৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ যোৱাৰ পিছত হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল হৈ পৰাৰ পাচতে পুনৰ ডিৰাক গোসাঁই গাঁৱৰ বুধিন বৰগোহাঁই নামৰ এগৰাকী কিশোৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ ইফালে, কিশোৰ গৰাকীৰ ফটো দেখি কান্দোনত ভাগি পৰিছে মাতৃ আৰু ভগ্নীয়ে ৷ আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিমল বৰগোহাঁই আৰু ৰঞ্জনা বৰগোহাঁইৰ একমাত্ৰ পুত্ৰই কৰ্মৰ সন্ধানত সোনজান গাঁৱৰ লাটু কোঁৱৰ নামৰ যুৱকজনৰ অনুৰোধত অৰুণাচল প্ৰদেশলৈ গৈছিল যদিও সামাজিক মাধ্যমত পুত্ৰৰ ফটো দেখি হতবাক হৈ পৰে পৰিয়ালটো ৷

মাৰণাস্ত্ৰ লৈ কিশোৰৰ ফটো ভাইৰেল

উল্লেখ্য যে, এসপ্তাহ পূৰ্বে মাতৃৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰা বুধিন বৰগোহাঁইয়ে অৰুণাচলত কাম কৰি থকাৰ কথা অৱগত কৰাইছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মাতৃয়ে ৷ কিন্তু পুত্ৰৰ এই ৰূপ দেখি আলফা(স্বা)ত যোগদান কৰাৰ সন্দেহ কৰে পৰিয়ালটোৱে ৷ কেমেৰাৰ সন্মুখত কান্দি কান্দি মাতৃ ৰঞ্জনা বৰগোহাঁইৰ পৰেশ বৰুৱালৈ আহ্বান যদি আলফা(স্বা)ত যোগদান কৰিছে তেন্তে পুত্ৰক যেন ওভটাই পঠিয়াই ৷ ইফালে, নিজ ভাতৃক ঘৰলৈ ওভতি অহাৰ আহ্বান জনাই বুধিনৰ জ্যেষ্ঠ ভগ্নীৰ আহ্বান,"ভাইটি তই ঘৰলৈ ঘুৰি আহ, ঘৰত মা-দেউতা অকলে আছে"৷

আনহাতে, একেলগে কামৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ যোৱা তিনিগৰাকীকৈ কাকপথাৰৰ ডিৰাক অঞ্চলৰ ছাত্ৰ তথা কিশোৰে সশস্ত্ৰ সংগঠনত যোগদান কৰাৰ ফটো ভাইৰেল হৈ পৰাৰ পাচতে চাঞ্চল্যৰ সৃষ্টি হৈছে কাকপথাৰৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনত ৷ একাংশৰ মতে ছাত্ৰ তথা কিশোৰ কেইগৰাকীয়ে সঁচাকৈয়ে সশস্ত্ৰ সংগঠনত যোগদান কৰিছে নে অন্য কোনো অশুভ শক্তিৰ হাতত বন্দী হৈছে সেইয়া আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্পষ্টীকৰণতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.