ETV Bharat / state

Margherita Murder case: আধা কেজি ব্ৰয়লাৰৰ কাৰণে ককায়েকক হানি খুচি হত্যা ভায়েকৰ

author img

By

Published : Aug 16, 2023, 8:07 PM IST

সুৰাসক্ত কণিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ । প্ৰথমে আধা কেজি মাংসক লৈয়ে সংঘাত আৰু অৱশেষত নিৰ্মম হত্যাকাণ্ড ।

Margherita Murder case
আধা কেজি ব্ৰয়লাৰৰ কাৰণে ককায়েকক হানি খুচি হত্যা ভায়েকৰ

আধা কেজি ব্ৰয়লাৰৰ কাৰণে ককায়েকক হানি খুচি হত্যা ভায়েকৰ

তিনিচুকীয়া, ১৬ আগষ্ট: ৰাজ্যজুৰি ইটোৰ পিচত সিটো অপৰাধজনিত ঘটনাই সকলোৰে বুঁকু কঁপাই তুলিছে ৷ এইবাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সুৰা আৰু মাংসই নিমিষতে ছাৰখাৰ কৰে এটা পৰিয়াল ৷ সুৰাসক্ত কণিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ । প্ৰথমে আধা কেজি মাংসক লৈয়ে সংঘাত আৰু অৱশেষত নিৰ্মম হত্যাকাণ্ড ।

ঘটনাৰ বিবৰণী অনুসৰি, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰীৰ ভুজিয়া গাঁৱৰ লক্ষীন্দ্ৰ ঠাকুৰে মঙলবাৰে নিশা আধা কেজি ব্ৰইলাৰ মাংস বজাৰৰ পৰা ক্ৰয় কৰি আনিছিল ৷ ভাতৃ গণেশ ঠাকুৰে মাংসখিনি চুৰি কৰি নি খুড়াক অভি ঠাকুৰৰ ঘৰত ৰান্ধি খাইছিল । এই কথা জানিব পাৰি ককায়েক ক্ষুদ্ধ হৈ পৰে আৰু ভাতৃৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় ৷

ইয়াৰ পিচতে এই তৰ্কাতৰ্কিয়ে গৈ চৰম পৰ্যায়ত উপনীত হয় । খক্ষত অগ্নিশৰ্মা হৈ নিশা প্ৰায় ১ বজাত ভাতৃ গণেশ ঠাকুৰ আৰু খুৰাকৰ পুত্ৰ কৃষ্ণ ঠাকুৰে ককায়েক লক্ষীন্দ্ৰৰ ঠাকুৰক বাঁহ আৰু কাঠৰ টুকুৰাৰে হানি খুচি মৰিয়াই মৰিয়াই হত্যা কৰে।

বুধবাৰে পুৱা স্থানীয় ৰাইজে এই ঘটনাৰ বিষয়ে অৱগত হৈ দুই হত্যাকাৰী ক্ৰমে গণেশ ঠাকুৰ আৰু কৃষ্ণ ঠাকুৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

স্থানীয় লোকে অঞ্চলটোত অবৈধ চুলাই মদকে ধৰি বিভিন্ন মাদক দ্ৰব্যৰ মুক্ত বেহাৰ বাবেই এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে। ৰাইজে অতি শীঘ্ৰে মাদ্ৰক দ্ৰব্য বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

লগতে পঢ়ক: Rangia dead body recover case update: তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.