১৭০ কোটি টকা মোকলাই দিয়াৰ পাচতো দৰমহা পোৱা নাই পঞ্চায়ত প্ৰতিনিধিয়ে

author img

By

Published : Sep 8, 2021, 6:32 PM IST

ward member peotest in kakopathar

23 মাহে দৰমহা নাই পঞ্চায়তৰ সদস্য, সদস্যা সকলৰ ৷ দুৰ্গা পূজাৰ আগত মাহেকীয়া পাৰিতোষিক মোকলাই দিয়াৰ দাবী পঞ্চায়ত প্ৰতিনিধিৰ ৷

শদিয়া, 8 ছেপ্টেম্বৰ : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত তিনিচুকীয়া জিলাৰ কাকপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক পঞ্চায়ত প্ৰতিনিধিয়ে ৷ পঞ্চায়ত প্ৰতিনিধিয়ে ২৩ মাহে নোপোৱা মাহেকীয়া পাৰিতোষিক মোকলাই দিয়া, পঞ্চায়ত প্ৰতিনিধিসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰা, প্ৰতিনিধিসকলৰ পদ মৰ্যাদা অনুসৰি দৰমহা বৃদ্ধিৰ ব্যৱস্থা আদিৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

23 মাহে দৰমহা নাই পঞ্চায়ত প্ৰতিনিধিৰ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ খন পঞ্চায়তৰ প্ৰায় ১৫০ গৰাকী সদস্য-সদস্যাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাই অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধিসকলে সমাগত দুৰ্গা পূজাৰ আগত তেওঁলোকৰ মাহেকীয়া মুকলাই দিবলৈ দাবী উত্থাপন কৰে ৷

সাংবাদিকৰ আগত পঞ্চায়ত প্ৰতিনিধিয়ে অভিযোগ কৰা মতে, বৰ্তমান ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়তৰ সদস্য, সদস্যাৰ দৰমহাৰ বাবে ১৭০ কোটি টকা মোকলাই দিছে ৷ কিন্তু সেই টকা মোকলাই দিলেও আজি পৰ্যন্ত দৰমহা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে ৷

লগতে পঢ়ক: আলফা(স্বা) ৰ নতুন ৰূপেৰে পৰেশ বৰুৱাৰ কিহৰ ইংগিত ?

জানিব পৰা মতে, পঞ্চায়তৰ সদস্য, সদস্যাৰ মাহেকীয়া পাৰিতোষিত মাত্ৰ ২০০০ টকা আৰু সেই সামান্য মাননি লাভ কৰা পৰা ২৩ মাহে বঞ্চিত হৈ আহিছে পঞ্চায়তৰ সদস্য, সদস্যাসকল ৷ গতিকে ক্ষেত্ৰত উপায়হীন হৈ কাকপথাৰ খণ্ড উন্নয়ন বিষয়াৰ যোগেদি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসলৈ তেওঁলোকৰ সমস্যাৰ সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে পঞ্চায়তৰ সদস্য, সদস্যা সকলে ৷

উল্লেখ্য যে, পঞ্চয়ত প্ৰতিনিধি সকলে কাকপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক: পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.