ETV Bharat / state

তিনিচুকীয়াৰ পৰা অৰুণাচললৈ চলিব দুখনকৈ ভিষ্টাড’ম ৰে’ল

author img

By

Published : Oct 19, 2021, 11:38 AM IST

এতিয়াৰে পৰা নিউ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়ৰ বগীবিল দলং হৈ ইটানগৰৰ নাহৰলগুনলৈ চলিব দুখনকৈ ভিষ্টাড’ম ৰে’ল(Vistadome Train) ৷ 05907 আৰু 05908 নম্বৰৰ ৰে’ল দুখন সপ্তাহত চাৰিদিনকৈ চলিব বুলি জানিব পৰা গৈছে ।

vistadome-train-service-has-started-from-tinsukia-to-naharlagun
তিনিচুকীয়াৰ পৰা অৰুণাচললৈ চলিব দুখনকৈ ভিষ্টাড’ম ৰে’ল

তিনিচুকীয়া, 19 অক্টোবৰ : তিনিচুকীয়া জিলাবাসীৰ লগতে অৰুণাচল প্ৰদেশৰ ৰে’লযাত্ৰীসকলৰ বাবে এক সুখবৰ ৷ নিউ তিনিচুকীয়াৰ পৰা ইটানগৰৰ নাহৰলগুনলৈ চলিব দুখনকৈ বিশেষ ভিষ্টাড’ম ৰে’ল(Vistadome Train) ৷ ডিব্ৰুগড়ৰ বগীবিল দলং হৈ চলিবলগীয়া 05907 আৰু 05908 নম্বৰৰ ৰে’ল দুখন সপ্তাহত চাৰিদিন চলিব বুলি জানিব পৰা গৈছে ।

05907 নম্বৰৰ ভিষ্টাড’ম ৰে’লখনে তিনিচুকীয়াৰ পৰা শনিবাৰ, দেওবাৰ, সোমবাৰ আৰু বৃহস্পতিবাৰৰ দিনকেইটাত চলাচল কৰাৰ বিপৰীতে নাহৰলগুনৰ পৰা 05908 নম্বৰৰ ৰে’লখন শনিবাৰ, দেওবাৰ, মংগলবাৰ আৰু শুকুৰবাৰে চলাচল কৰিব । অত্যাধুনিক ৰে’ল দুখন বিশেষকৈ পৰ্যটকসকলৰ বাবে মুকলি কৰিছে ভাৰতীয় ৰে’ল বিভাগে(Indian Railway) ।

তিনিচুকীয়াৰ পৰা অৰুণাচললৈ চলিব দুখনকৈ ভিষ্টাড’ম ৰে’ল

প্ৰথমে ভিষ্টাড’ম ৰে’ল মুম্বাইৰ পৰা গোৱালৈ চলিছিল যদিও এতিয়াৰে পৰা এই বিশেষ ৰে’লখন বহু ঠাইতে চলাচলৰ সুবিধা প্ৰদান কৰিছে ভাৰতীয় ৰে’ল বিভাগে ৷ সেই অনুসৰি, অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়া স্বাৰ্থত ভাৰতীয় ৰে’ল বিভাগে অসমতো এই ভিষ্টাড’ম ৰে’ল সেৱা আৰম্ভ কৰিছে ।

প্ৰাথমিক অৱস্থাত গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনৰ মাজত আৰম্ভ হয় এই ৰে’ল সেৱা । সপ্তাহত এদিন, প্ৰতি শনিবাৰে গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ চলাচল কৰে এই ভিষ্টাড’ম ৰে’লখন । অত্যাধুনিক ৰে’লখনত যাত্ৰীসকলৰ বাবে বহু ধৰণৰ সা-সুবিধা আছে । লগতে বহু কম ভাড়াতে স্থানীয় আৰু বিদেশী পৰ্যটকসকলে এই ৰে’লখনেৰে অহা-যোৱা কৰিব পাৰিব ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.