তিনিচুকীয়াত কেন্দ্ৰীয় জনজাতি মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ

author img

By

Published : Sep 15, 2021, 9:56 AM IST

Union Tribal Affairs Minister Arjun Munda Effigy burnt in Tinsukia

12 ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ গুৱাহাটীত কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন ৷ মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাচতে ৰাজপথলৈ ওলাই আহিছে এটাৰ পাছত আনটো সংগঠন ৷

তিনিচুকীয়া, 15 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত মঙলবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ কৰে ।

তিনিচুকীয়াত কেন্দ্ৰীয় জনজাতি মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ

সম্প্ৰতি অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই অসমৰ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি কৰা মন্তব্যক লৈ সৰৱ হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা৷ তেওঁলোকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক গুৰুত্ব দিবলৈ আহ্বান জনায় ।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাকো অতি সোনকালে পদবীৰ পৰা অব্যাহতি দিবলৈ দাবী জনায় । অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্রীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অৰ্জুন মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.