ETV Bharat / state

অইলৰ দুই অপহৃত বিষয়াক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

author img

By

Published : Jan 30, 2021, 9:08 PM IST

ulfa-i-press-release-on-abducted-oil-offier
অপহৃত অইলৰ বিষয়াক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

কুইপ’ তৈল প্ৰতিষ্ঠান আৰু আলফা (স্বা)আৰু NSCNৰ মাজৰ সংঘাত নিস্পত্তি কৰি দুয়োগৰাকী বিষয়াক মুকলি কৰি নিয়াৰ বিপৰীতে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিলম্বিত কৌশল প্ৰয়োগ কৰি তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই অভিযানত দুয়োগৰাকী বিষয়াক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে হত্যা কৰি ইয়াৰ সম্পূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ ওপৰত জাপি দিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে আলফা(স্বা)য়ে ৷

নিউজ ডেস্ক,30 জানুৱাৰী: অইলৰ দুই অপহৃত বিষয়া সন্দৰ্ভত পুনৰ এক প্ৰেছ বিবৃতি জাৰি কৰিছে আলফা (স্বা)য়ে ৷ বিবৃতিটোত সংগঠনটোৱে কৈছে যে, অনাগত দিনত যদি অপহৃত দুই বিষয়া কোনো অনাকাংক্ষিত ঘটনাত পতিত হয় তেন্তে তাৰ সম্পূৰ্ণ দায়িত্ব অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ভাৰতীয় দখলদাৰী বাহিনীয়ে গ্ৰহণ কৰিব লাগিব ৷

বিবৃতিটোত কোৱা হৈছে যে, কুইপ’ তৈল প্ৰতিষ্ঠান আৰু আলফা(স্বা) আৰু NSCNৰ মাজৰ সংঘাত নিস্পত্তি কৰি দুয়োগৰাকী বিষয়াক মুকলি কৰি নিয়াৰ বিপৰীতে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিলম্বিত কৌশল প্ৰয়োগ কৰি তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই অভিযানত জড়িত হৈ আছে, ইউনিফাইড কামাণ্ডৰ মুৰব্বী, প্ৰতিৰক্ষা বিভাগৰ চোৰাংচোৱা, সামৰিক তথা অসামৰিক বিভাগৰ চোৰাংচোৱা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা ৷ এই অভিযানত দুয়োগৰাকী বিষয়াক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে হত্যা কৰি ইয়াৰ সম্পূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ ওপৰত জাপি দিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে আলফা(স্বা)য়ে ৷

উল্লেখ্য যে, আগন্তুক 16 ফেব্ৰুৱাৰীৰ ভিতৰত অপহৃত দুই বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত কুইপ’ তৈল প্ৰতিষ্ঠানে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা 17 ফেব্ৰুৱাৰীত অপহৃত বিষয়া ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিগত 27 জানুৱাৰীত আন এক প্ৰেছ বিবৃতি জাৰি কৰিছিল আলফাই ৷ বিগত 21 ডিচেম্বৰৰ সন্ধিয়া ডিয়ুন আৰক্ষী থানাৰ অধীনত ইন্নাও অঞ্চলৰ খুমচৈখাত কৰ্মত নিয়োজিত থকাৰ সময়তে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰিছিল আলফা(স্বা)আৰু NSCNএ ৷

লগতে পঢ়ক-অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.