ETV Bharat / state

ULFA-I cader surrendered : প্ৰায় ন বছৰে কৰা সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি স্ব-ভূমিলৈ ঘূৰিল চন্দন অসম

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:22 AM IST

পৰিয়ালৰ এগৰাকী সদস্য যেতিয়া বহু বছৰ ধৰি পৰিয়ালটোৰ পৰা দূৰত থাকে, তেতিয়া উক্ত পৰিয়ালটোত কেনে পৰিস্থিতৰ উদ্ভৱ হয় সেয়া কেৱল ভুক্তভোগী পৰিয়ালটোৱেহে অনুমান কৰিব পাৰে ৷ ইয়াৰ মাজতে যদি অকস্মাৎ সেই সদস্যগৰাকীক পৰিয়ালৰ মানুহে কাষৰ পৰা লগ পায়, নিশ্চয় সেই মুহূৰ্ত শব্দৰে প্ৰকাশ কৰিব নোৱাৰি । ঠিক তেনে এক পৰিৱেশৰেই সুচনা হৈছে তিনিচুকীয়াত ৷ সবিশেষ এই প্ৰতিবেদনত...

ULFA-I cader surrendered
সশস্ত্ৰ সংগ্ৰাম ত্যাগ চন্দন অসমৰ

সশস্ত্ৰ সংগ্ৰাম ত্যাগ চন্দন অসমৰ

তিনিচুকীয়া, ৮ অক্টোবৰ : অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত ন ন সদস্যৰ যোগদানৰ খবৰৰ মাজতে এইবাৰ পোহৰলৈ আনিছে আন এক ঘটনা ৷ প্ৰায় নটা বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰাৰ পাচত আলফা স্বাধীনৰ এগৰাকী কেডাৰে কিছুদিনৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা আলফা (স্বা)ৰ কেডাৰ গৰাকীৰ নাম হ’ল চঞ্চল মৰাণ ওৰফে চন্দন অসম ৷

চন্দন অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰুমেচাই গাঁৱত ৷ চন্দন অসমে ২০১৪ চনৰ শেষৰ ফালে আলফা (স্বা)ত যোগদান কৰিছিল । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে চঞ্চল মৰাণ ওৰফে চন্দন অসমৰ পৰিয়ালৰ লোকে ৷

চঞ্চল মৰাণে আলফা (স্বা) ৰ পৰা আত্মসমৰ্পণ কৰাৰ খবৰটো পৰিয়ালে লাভ কৰি লগে লগে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ সৈতে যোগাযোগ কৰে ৷ শনিবাৰে আবেলি তিনিচুকীয়াত আৰক্ষী অধীক্ষকৰ অনুমতি সাপেক্ষে চঞ্চল মৰাণক সূদীৰ্ঘ নটাকৈ বৰ্ষৰ পাচত লগ পাই তেওঁৰ পিতৃ, জ্যেষ্ঠ ভাতৃ, জ্যেষ্ঠ ভগ্নীক কাষৰ পৰা লগ পাই হুকহুকাই কান্দি উঠে ৷

ETV Bharat ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত চঞ্চল মৰাণৰ পিতৃ পিয়েশ্বৰ মৰাণ, বায়েক উশাদেৱী মৰাণ গোঁহাই আৰু জ্যেষ্ঠ ভাতৃ ৰাজীৱ মৰাণে প্ৰকাশ কৰে নিজৰ মনৰ ভাৱ ৷ পৰিয়ালে উল্লেখ কৰা অনুসৰি, চন্দন অসম শাৰীৰিকভাৱে কিছুদিনৰ পৰা অসুস্থ হৈ আছে ৷ এই অসুস্থতাৰ বাবেই তেওঁ চিকিৎসা কৰিবলৈ আহি অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি আত্মসমৰ্পন কৰে ৷

বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত থকা চন্দন অসমৰ চিকিৎসা সেৱা অব্যাহত আছে । পৰিয়ালৰ লোকে আশা কৰিছে যে সোনকালে সুস্থ হৈ উঠিব চঞ্চল মৰাণ উৰফে চন্দন অসম । সুস্থ হৈ পুনৰ নিজৰ জন্ম ঘৰলৈ গৈ পৰিয়ালৰ লগতে থাকি সাধাৰণ জীৱন-যাপন কৰিব চন্দনে ৷

লগতে পঢ়ক : Assam CM on Amrit Kalash Yatra; কংগ্ৰেছে অমৃত কলহ যাত্ৰাক অপমান কৰাক লৈ মই দুখ পাইছো : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.