ETV Bharat / state

তিনিচুকীয়া আৰক্ষীৰ জালত দুই বাইক চোৰ

author img

By

Published : Oct 16, 2020, 1:31 PM IST

Two Bike thief Arrested by tinsukiya Police
তিনিচুকীয়া আৰক্ষীৰ জালত দুই বাইক চোৰ

তিনিচুকীয়া আৰক্ষীৰ জালত বাইক চোৰ ৷ আৰক্ষীয়ে অভিযান চলাই আটক কৰে চোৰ দুজনক ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

শদিয়া, 16 অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে কাকপথাৰ আৰক্ষীৰ সহযোগত শুকুৰবাৰে কাকপথাৰ চেলেঙগুৰীৰ ভাইকন সোনোৱাল আৰু ক্ষীৰোধ দত্ত নামৰ দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷

তিনিচুকীয়া জিলাৰ ককৰাতলিৰ মানৱজ্যোতি গোহাঁই নামৰ যুৱকজনৰ AS 23 T 3823 নম্বৰৰ মটৰচাইকেলখন হেৰুওৱাৰ সন্দৰ্ভত তিনিচুকীয়া থানাত দিয়া এজাহাৰ ভিত্তিত দুয়োগৰাকী লোকক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক : বিশ্বনাথত এনৰেগা আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ কৰিলে বিদ্যালয় লোহাৰ গেট

মটৰচাইকেলখন ভাইকন সোনোৱাল নামৰ ব্যক্তিজনে চুৰ কৰি অৰুণাচল প্ৰদেশৰ নামচাইত লুকুৱাই ৰাখিছিল ৷ আৰক্ষীয়ে ভাইকন সোণোৱালৰ লগতে সাক্ষী হিচাপে ক্ষীৰোধ দত্তক কাকপথাৰৰ পৰা আটক কৰি অৰুণাচল প্ৰদেশৰ নামচাইলৈ নি লুকুৱাই ৰখা মটৰচাইকেলখন উদ্ধাৰ কৰে ৷ ইতিমধ্যে, আৰক্ষীয়ে দুয়োকে তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে ৷

ভাইকন সোণোৱাল নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে পূৰ্বতেও আছে বহুধৰণৰ অভিযোগ ৷ আটকাধীন লোকজনে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে পূৰ্বতেও ৰঙাঘৰৰ আলহি হ'বলগীয়া হৈছিল ৷ ভাইকন সোণোৱালৰ বাসগৃহতে কানি, ড্ৰাগছ বিক্ৰি কৰাৰ লগতে ডাঙৰী বনাঞ্চলৰ মাজতে মদৰ ঘাটি বনাই বিভিন্ন মাদক দ্ৰব্য বিক্ৰি কৰি অহাৰ বহুতো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : ধেমাজিৰ আধাৰ সেৱা কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.