ETV Bharat / state

তিনিচুকীয়াত বিভিন্ন দাবীৰে গণ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Dec 21, 2020, 6:56 PM IST

টিএমপিকে, এমএমকে, টিএমএমকেৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া
টিএমপিকে, এমএমকে, টিএমএমকেৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

টিএমপিকে, এমএমকে, টিএমএমকেৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া । ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । ১৫০০ৰো অধিক মিচিং জনগোষ্ঠীৰ লোকে টালি-টোপোলাসহ ওলাই আহি পুনৰ সংস্থাপনৰ দাবী জনায় ।

তিনিচুকীয়া, ২১ ডিচেম্বৰ: লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নকৰিলে ৰাজ্য চৰকাৰে । বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো এইসকল দুৰ্ভগীয়া লোকৰ সমস্যাৰ প্ৰতি পিঠি দিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল টিএমপিকে, এমএমকে, টিএমএমকেৰ সদস্য । তিনিটাকৈ সংগঠনৰ উদ্যোগত সোমবাৰে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

সংগঠনৰ কেইটাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় মিচিং জনগোষ্ঠীৰ ১৫০০ৰো অধিক লোকে । সংস্থাপনৰ নামত চৰকাৰে আভুৱা ভাৰি থকা এই লোকসকলে এতিয়া উপায়হীন হৈ টালি-টোপোলা বান্ধি লৈ ৰাজপথলৈ ওলাই আহিছে । আনহাতে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰো দাবী জনায় সংগঠনকেইটাই ।

তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল'লে পৰৱৰ্তী সময়ত আন্দোলন ইয়াতকৈ তীব্ৰ কৰি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে । লগতে যেতিয়ালৈকে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেতিয়ালৈকে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে শিবিৰ পাতি থাকিব বুলিও স্পষ্ট কৰি দিয়ে । কিয়নো, চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু গাদী দখলৰ পিছত প্ৰতিশ্ৰুতি পাহৰি যায় । জীৱন-যাপনৰ বাবে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে লাইকা-দধিয়াবাসীয়ে ।

লগতে পঢ়ক : মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.