ETV Bharat / state

Quiz competition in Tinsukia: ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলাভিত্তিক কুইজ প্ৰতিযোগিতা

author img

By

Published : Jan 21, 2023, 10:42 PM IST

তিনিচুকীয়া জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলাভিত্তিক কুইজ প্ৰতিযোগিতা । জিলাখনৰ মুঠ ৩০ খন বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কুইজ প্ৰতিযোগিতাখনিত । ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা পুৰস্কাৰ তথা মানপত্ৰ প্ৰদান কৰা হ’ব বিজয়ী দল তথা অংশগ্ৰহণকাৰী দলসমূহক(Tinsukia district Election Department) ।

Quiz competition in Tinsukia
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলাভিত্তিক কুইজ প্ৰতিযোগিতা

তিনিচুকীয়া, ২১ জানুৱাৰী: তিনিচুকীয়া জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত শনিবাৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এখনি জিলাভিত্তিক কুইজ প্ৰতিযোগিতাৰ(Tinsukia district Election Department) । একাদশ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা শাখাত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাত জিলাখনৰ মুঠ ৩০ খন বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে(Quiz competition in Tinsukia) ।

Quiz competition in Tinsukia
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলাভিত্তিক কুইজ প্ৰতিযোগিতা

১৩ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস(13th National Voters' Day) উপলক্ষে বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও জিলাখনত আয়োজন কৰা হয় জিলাভিত্তিক কুইজ প্ৰতিযোগিতাখনিৰ ৷ কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শদিয়া মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ দ্বিতীয় বৰ্ষৰ সুদীপ্ত চেতিয়া আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কল্লোল গগৈয়ে, দ্বিতীয় স্থান লাভ কৰে গুৰু টেগ বাহাদুৰ একাডেমী, তিনিচুকীয়াৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ প্ৰাঞ্জল দেৱ আৰু অভিষেক কুমাৰ দাসে ৷

আনহাতে তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় লাইপুলি, তিনিচুকীয়াৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সুদিপ্তা কৌশিক শৰ্মা আৰু উদয় বৰ্মা আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কুইন দুৱৰা আৰু গৌৰী বড়াই ।

Quiz competition in Tinsukia
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলাভিত্তিক কুইজ প্ৰতিযোগিতা

জিলা নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাৰ সঞ্চালনা কৰে সহকাৰী আয়ুক্ত বন্দিত গগৈ আৰু মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ উন্নয়ন) ৰজিত দত্তই । বিজয়ী দল তথা অংশগ্ৰহণকাৰী দলসমূহক ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা পুৰস্কাৰ তথা মানপত্ৰ প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: Lakshminath Bezbaroa's Sambalpur house: পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰসৰাজৰ স্মৃতি বিজড়িত ওডিশাৰ সাধনাগৃহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.