Lakshminath Bezbaroa's Sambalpur house: পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰসৰাজৰ স্মৃতি বিজড়িত ওডিশাৰ সাধনাগৃহৰ

author img

By

Published : Jan 21, 2023, 10:06 PM IST

Lakshminath Bezbaruah's Sambalpur house

পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰসৰাজৰ স্মৃতিবিজড়িত ওডিশাৰ সম্বলপুৰস্থিত সাধনাগৃহৰ ৷ অসমৰ চৰকাৰ আৰু ওডিশা চৰকাৰৰ সাহায্যৰে প্ৰায় 80লাখ ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছে সাধনাগৃহটোৰ ৷ সংবাদমেল যোগে এই কথা সদৰী কৰিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিয়ে ৷

পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰসৰাজৰ স্মৃতি বিজড়িত ওডিশাৰ সাধনাগৃহৰ

গুৱাহাটী , 21 জানুৱাৰী : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ(Lakshminath Bezbaroa) একালৰ কৰ্মভূমি ওডিশাৰ সম্বলপুৰত থকা ঐতিহ্যবাণী বাসভৱন চৌহদত থকা গৃহটো ঐতিহ্য অটুত ৰাখি পুনৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ কৰি তোলা হৈছে । সাধনাগৃহটো গৃহটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে অসম চৰকাৰ আৰু ওডিশা চৰকাৰে(Renovation of Lakshminath Bezbaroa house) ৷ এই কথা এক সংবাদমেলযোগে অৱগত কৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা, বিশিষ্ট সাংবাদিক তথা সম্বলপুৰ প্ৰেছ ক্লাবৰ সভাপতি দীপক কুমাৰ পাণ্ডাই ৷

উল্লেখ্য যে, শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা হয় এক সংবাদমেল ৷ সংবাদমেলত দীপক কুমাৰ পাণ্ডাই কয় সম্বলপুৰৰ সাহিত্যৰথীৰ ঐতিহ্য বহনকাৰী বাসভৱনটোৱে অসম আৰু ওডিশাৰ মাজত পাৰম্পৰিক সম্পৰ্কৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিব ।

2017 চনতেই সাহিত্যৰথীৰ স্মৃতি বিজড়িত বাসভৱনটো সংৰক্ষণৰ বাবে গঠন কৰা স্মৃতি ৰক্ষা সমিতিয়ে অসম আৰু ওডিশা চৰকাৰ উভয়কে বাসভৱনটো সংৰক্ষণৰ বাবে আহ্বান জনাইছিল(Lakshminath Bezbaroas Sambalpur house) । সেই আহ্বানৰ প্ৰতি দুয়োখন ৰাজ্য চৰকাৰে আগবঢ়াইছিল ইতিবাচক সহাৰি ৷ 2019-20 চনত বাসগৃহটোৰ চৌহদ পুনৰ নিৰ্মাণৰ বাবে ওডিশা চৰকাৰে 55 লাখ টকা আৰু অসম চৰকাৰে 50 লাখ আগবঢ়াই ।

ক’ভিড কেন্দ্ৰীক পৰিস্থিতি আৰু প্ৰবল বৰষুণৰ বাবে পুনৰ নিৰ্মাণৰ কাম দুটা বছৰ পিছুৱাই যায় যদিও প্ৰায় 79.66 লাখ টকা ব্যয়ৰে সাধনা গৃহৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ কৰি তোলা হৈছে । 2037 বৰ্গফুটৰ চাৰিটা কোঠালীৰ গৃহটোৰ প্ৰথমটো কোঠাত সাহিত্যৰথীৰ এটা আৱক্ষ মূৰ্তি, দ্বিতীয়টোত এটা গ্ৰন্থাগাৰ, তৃতীয়টোত এটা সভাগৃহ আৰু চতুৰ্থটোত এটা কাৰ্যালয় স্থাপন কৰা হৈছে ।

কিন্তু ঐতিহ্যবাহী বাসভৱনটোৰ চৌহদৰ মাজেৰে মহানদী সংযোগী দলঙকে ধৰি তিনিটা পথ নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে এতিয়া বিপৰীত দিশত ৰৈ যোৱা মাটিখিনীত 4,736 বৰ্গফুটৰ বাসভৱনটো নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে । যাৰ বাবে প্ৰায় এক কোটি টকাৰ প্ৰয়োজন হ'ব(Lakshminath Bezbaroas house in odisha) । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 47 লাখ টকাৰ অনুদান আগবঢ়াব বুলি জানিব পাৰি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে দীপক কুমাৰ পাণ্ডাই ৷

আনহাতে প্ৰস্তাৱিত বাসভবনটোৰ লগতে নৱ-নিৰ্মিত সাধনাগৃহটোৰ সন্মুখত সৌন্দৰ্যবৰ্ধনৰ বাবে ওডিশা পৰ্যটন উন্নয়ন নিগমে সম্বলপুৰ জিলা প্ৰশাসনৰ সহযোগত আঁচনি গ্ৰহণ কৰিছে বুলি দীপক কুমাৰ পাণ্ডাই সদৰী কৰে । সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মণি মহন্তই আঁতধৰা সংবাদমেলখনত সমিতিৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰী, সহকাৰী সম্পাদক কমলেন্দ্ৰ ভৰালী, সাংস্কৃতিক সম্পাদক গোপাল জালালকে ধৰি কেবাজনো কর্মকর্তা উপস্থিত থাকে।

লগতে পঢ়ক: সম্বলপুৰত সাজু হৈ উঠিছে ৰসৰাজৰ স্মৃতিবিজড়িত ‘সাধনাগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.