ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক 3

author img

By

Published : Aug 29, 2021, 9:36 AM IST

drugs peddler arrest with drugs

শনিবাৰে নিশা ডিগবৈত বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs) জব্দ ৷ লগতে তিনি সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰায় 5 লাখ টকাৰ মুঠ 56.45 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

তিনিচুকীয়া, 29 আগষ্ট : ৰাজ্যত ড্ৰাগছ(Drugs) বিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে ডিগবৈত শনিবাৰে নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক কৰে আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে মুঠ 56.45 গ্ৰাম ড্ৰাগছৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম দাস আৰু ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী তিনিটা হৈছে ডিগবৈৰ 3 নং বৰবিলৰ দেৱজিৎ চাংমাই, দেৱজিৎ ৰাভা আৰু 2 নং গোলাইৰ বিমান তালুকদাৰ ৷

drugs peddler arrest with drugs
ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ইয়াৰ মাজৰ বিমান তালুকদাৰ নামৰ সৰবৰাহকাৰীটো কেইমাহমান পূৰ্বেও আটক হৈছিল ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 5 লাখ টকা বুলি জানিব পৰা গৈছে ৷ সৰবৰাহকাৰী তিনিটাৰ বিৰুদ্ধে 256/2021 NDPS ACT 25B/25/29ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

সমগ্ৰ ৰাজ্যতে বৰ্তমানো অব্যাহত আছে ড্ৰাগছ(Drugs) বিৰোধী অভিযান ৷ মাৰাত্মক ড্ৰাগছৰ কবলৰ পৰা বিশেষকৈ নৱ প্ৰজন্মক ৰক্ষা কৰিবৰ বাবে অতি তৎপৰতাৰে এই অভিযান চলাইছে প্ৰশাসনে । তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত ইতিমধ্যে বহুকেইজন ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে অভিযানকালত ক্ষুদ্ৰ দোকানসমূহত অন্য় সামগ্ৰীৰ সৈতে একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ এইসকল অসাধু ব্যৱসায়ীয়ে কেইটামান টকাৰ বিনিময়ত যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

লগতে পঢ়ক: কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.