ETV Bharat / state

Murder in Tinsukia: তিনিচুকীয়াৰ চট' হাপজানত চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By

Published : Mar 4, 2022, 9:32 PM IST

তিনিচুকীয়া জিলাৰ মাকুম চট' হাপজানত নিশা সংঘটিত হয় এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Murder in Tinsukia) ৷ হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

a-suspicious-murder-case-in-tinsukia
তিনিচুকীয়াৰ চট' হাপজানত চাঞ্চল্যকৰ হত্যাকাণ্ড

তিনিচুকীয়া, 4 মাৰ্চ : তিনিচুকীয়া জিলাৰ মাকুম চট' হাপজানত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder in Tinsukia) । চট' হাপজানস্থিত টেকনোভেল কোম্পানীত পৰিচালক হিচাপে কৰ্মৰত বিৰেন্দ্ৰ যাদৱ নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুলি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Sensation across Hapjan region) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮:৪৫ বজাত বাহিৰত বজাৰ কৰিবলৈ ওলাই গৈ নিশা ব্যক্তিগৰাকী ওভতি নহাৰ কথা কোনেও জনা নাছিল ৷ কিন্তু পুৱা লোকজন নিৰুদ্দেশ হৈ থকাৰ কথা পোহৰলৈ অহাত কৰ্মচাৰীসকলে বিচাৰ কৰাত টেকনোভেল কোম্পানীৰ পিছফালে লোকজনৰ চেণ্ডেল আৰু চোঁচৰাই নিয়া দাগ প্ৰত্যক্ষ কৰে । পৰৱৰ্তী সময়ত মৃতদেহটি সমীপৰ শ্মশান ঘাটত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকৰ লগতে কোম্পানীৰ কৰ্মচাৰীসকলে ।

তিনিচুকীয়াৰ চট' হাপজানত চাঞ্চল্যকৰ হত্যাকাণ্ড

জানিব পৰা মতে, বীৰেন্দ্ৰ যাদৱৰ মৃত দেহটোৰ ডিঙিৰ পিছফালে চোকা অস্ত্ৰৰে আঘাত কৰা চিহ্ন স্পষ্টভাৱে পৰিলক্ষিত হৈ আছে । ইফালে এই ঘটনাৰ পাছত টেকনোভেল কাৰাখানাৰ কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে অপৰাধীক কৰায়ত্ব কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ বীৰেন্দ্ৰ যাদৱৰ হত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য ৷

লগতে পঢ়ক : Bride commits suicide on wedding day: বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.