ETV Bharat / state

ডিগবৈত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author img

By

Published : Sep 28, 2020, 9:13 AM IST

ডিগবৈত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ ৷

ডিগবৈত প্ৰতিদিনেই বৃদ্ধি পাইছে পথ দূৰ্ঘটনা
ডিগবৈত প্ৰতিদিনেই বৃদ্ধি পাইছে পথ দূৰ্ঘটনা

ডিগবৈ, 28 ছেপ্টেম্বৰ : দেওবাৰে নিশা ডিগবৈত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷ মৃত লোকজনৰ নাম কৃষ্ণ ওৰাং বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখে তীব্ৰবেগত থকা AS 23 P 0523 নম্বৰৰ এখন মাৰুতিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰে চাইকেল চলাই ঘৰলৈ আহি থকা কৃষ্ণ ওৰাং নামৰ লোকজনক মহতিয়াই নিয়াত থিতাতে মৃত্যু হয় লোকজনৰ ।

ডিগবৈত প্ৰতিদিনেই বৃদ্ধি পাইছে পথ দূৰ্ঘটনা

আনহাতে, ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন কৰে চালকজন । ইপিনে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে প্ৰতিবাদী ৰাইজে মৃত কৃষ্ণ ওৰাঙৰ পৰিয়ালবৰ্গক ১৫ লাখ টকা এককালীন ক্ষতিপূৰণৰ দাবী কৰি পথ অৱৰোধ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় ডিগবৈ আৰক্ষী ৷ ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত, মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া অৱৰোধস্থালীত উপস্থিত হোৱাৰ পাছতেই পৰিস্থিতিৰ সাম কাটে । ইফালে গোপনাৰীৰ উক্ত স্থানত সঘনাই দুৰ্ঘটনা হৈ থকাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথটোত গতি বেগ নিয়ন্ত্ৰণ কৰিবলৈ ২৪ ঘন্টাৰ ভিতৰত গতিৰোধক নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.