ETV Bharat / state

ডিগবৈত পথ দুৰ্ঘটনা: আহত 4 গৰাকী

author img

By

Published : Feb 13, 2021, 10:09 PM IST

চিনিচুকীয়াত পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দা মাৰে চলন্ত মেজিকে ৷ আহত 4 গৰাকী ৷

road-accident-at-digboi-4-injured
ডিগবৈত পথ দুৰ্ঘটনা: আহত 4 গৰাকী

তিনিচুকীয়া, 13 ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ ডিগবৈত পথ দুৰ্ঘটনা ৷ খাৰাজান পুলত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো ৷ ৰৈ থকা ট্ৰাকত এখন মেজিকে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷

road-accident-at-digboi-4-injured
ডিগবৈত পথ দুৰ্ঘটনা: আহত 4 গৰাকী

দুৰ্ঘটনাত আহত হয় 4 গৰাকী যাত্ৰী ৷ আহত সকল লুটফুৰ ৰহমান, ইহৰাণ মিডনা আৰু ৰাজু প্ৰসাদ কুৰ্মী ৷ বৰ্তমানলৈ এজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, ডিগবৈৰ পৰা তিনিচুকীয়া আহি আছিল মেজিকখন ৷

তথ্য অনুসৰি পথৰ কাষতে ৰৈ থকা বালি ভৰ্ত্তি AS-23A-C3269 নম্বৰৰ এখন ট্ৰাকৰ পিছফালৰ পৰা AS-23AC-4956 নম্বৰৰ এখন মেজিকে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক: শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.