ETV Bharat / state

Protest in Tinsukia : তিনিচুকীয়াত মৰাণ টেৰিটৰিয়েল ৰিজন গঠনৰ সংকল্প

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:47 PM IST

Moran Conference in Tinsukia
সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়াত মৰাণ জাতীয় অভিৱৰ্তনত ৰাইজে বিচাৰিলে জনজাতিকৰণ ৷ মৰাণসকলে জনজাতিৰ স্বীকৃতি নোপোৱাটো এক ঐতিহাসিক বিড়ম্বনা ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, ৭ অক্টোবৰ: উত্তৰ-পূব ভাৰতৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ মৰাণ জনজাতি স্বাধীনতাৰ ৭৭ বছৰ পাচতো শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ক্ৰীড়া, সাহিত্য সৰ্বদিশে পিছপৰি আছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৰাণ জনজাতিটোক আত্ম-মৰ্যাদাৰে জীয়াই থাকিবলৈ সাংবিধানিকভাৱে যেনেদৰে অধিকাৰ প্ৰদান কৰিব লাগিছিল সেয়া প্ৰদান কৰা নাই । মৰাণসকলে দীৰ্ঘদিনে সন্মুখীন হৈ অহা লাঞ্চনা-বঞ্চনাৰ প্ৰতিবাদত আজি অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ,সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাকে আদিকৰি ৬টা সংগঠনে তিনিচুকীয়াৰ বৰগুৰি ৰাজহুৱা খেলপথাৰত মৰাণ জাতীয় অভিৱৰ্তনৰ মুকলি সভা আৰু গণ-সমাৱেশৰ আয়োজন কৰে ।

উল্লেখ্য যে যোৱা ২৮ আৰু ২৯ আগষ্টত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰেক্ষাগৃহত জনগোষ্ঠীটোৰ সংগঠনকেইটাৰ সৰ্বোচ্চ সদন 'মৰাণ জাতীয় অভিৱৰ্তন' অনুষ্ঠিত হয় । উক্ত অভিৱৰ্তনতেই মৰাণসকলৰ স্ব-নিয়ন্ত্ৰণৰ বাবে মৰাণ টেৰিটৰিয়েল ৰিজন গঠন, মৰাণসকলৰ হেৰুওৱা ভূমি তথা অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয় আৰু প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হোৱাৰ ৰাজনৈতিক অধিকাৰ সাব্যস্তৰ বাবে এক পৃথক ৰাজনৈতিক মঞ্চ গঠনৰ সন্দৰ্ভত আলোচনা কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ আগত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান, বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ দাবী জনায় ।

তেওঁলোকে অসম আৰু অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান কৰা, অৰুণাচলত বাস কৰা মৰাণসকলক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদান কৰা, বান বিধ্বস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, কৰদৈগুৰি অঞ্চলৰ ২৪টা বানবিধ্বস্ত পৰিয়ালক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰা, বাঘজানকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰো দাবী জনায় । উল্লেখিত এই দাবীসমূহক শীঘ্ৰে পূৰণ কৰিবলৈ আজি সংগঠনকেইটাৰ নেতৃত্বই চৰকাৰক সকীয়াই দিয়ে । কেউটা সংগঠনৰ নেতৃত্বই সৰৱ হৈ কয় যে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন মৰাণ সকলৰ জন্মস্বত্ব সাংবিধানিক অধিকাৰ, কিন্তু এই অধিকাৰক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে সদায় মিথ্যাচাৰৰ আশ্ৰয় লৈ তেওঁলোকক বঞ্চিত কৰি আহিছে । গতিকে এনে মিথ্যাচাৰৰ আশ্ৰয় নলবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে।

প্ৰতিবাদকাৰীসকলে লগতে কয় যে মৰাণসকলে জনজাতিকৰণ স্বীকৃতি নোপোৱাটো এক ঐতিহাসিক বিড়ম্বনা । সদায় খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰে মৰাণসলক কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে জনজাতিৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি সংগঠনকেইটাই ক্ষোভ প্ৰকাশ কৰে । এইখন চৰকাৰে যাৰ ভোট বেছি সেইসকলকহে গুৰুত্ব প্ৰদান কৰে । গতিকে মৰাণসকলকলৈ যদি এনে অন্যায় চলি থাকে তেন্তে মৰাণসকলে কিন্তু অতি শীঘ্ৰে পৃথক ৰাজনৈতিক দল গঠন কৰাৰ সমান্তৰালভাৱে পৃথক মৰাণ টেৰিটৰিয়েল ৰিজন গঠনৰ দাবী অধিক তীব্ৰতৰ কৰি তুলিব বুলি উল্লেখ কৰে ।

এই অভিৱৰ্তনত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সম্পাদক বিতুপন মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সম্পাদক দেৱকান্ত মৰাণৰ লগতে কেউটা সংগঠনৰ সভাপতি-সম্পাদককে আদি কৰি প্ৰাক্তন আৰু বৰ্তমান সদস্য-সদস্যাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Assam CM will reduce ministerial expenditure: নিজৰ লগতে মন্ত্ৰীগণৰো ভ্ৰমণ ব্যয় সংকোচনৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.