ETV Bharat / state

Massive protest against narcotics: নিচাৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ; চৰকাৰক 15 দিনৰ সময়সীমা নিৰ্ধাৰণ

author img

By

Published : Feb 13, 2023, 5:08 PM IST

Massive protest against narcotics
অবৈধ নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত ডুমডুমাত ঐক্য মঞ্চৰ প্ৰতিবাদ

মাৰাত্মক অবৈধ নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ডুমডুমাত ঐক্য মঞ্চৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল ৷ ড্ৰাগছৰ বেহা বন্ধ কৰাৰ বাবে চৰকাৰক ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী বিভিন্ন দল সংগঠনৰ উমৈহতীয়া সংগঠন ঐক্য মঞ্চৰ (Massive protest against narcotics) ।

অবৈধ নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত ডুমডুমাত ঐক্য মঞ্চৰ প্ৰতিবাদ

তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ৰাজ্যত চলি থকা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ ঘোষণা কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেই সময়ত সমগ্ৰ ৰাজ্যতে প্ৰতিদিনে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই প্ৰায় প্ৰতিদিনেই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য় নিচাজাতীয় জব্দ কৰিবলৈ সক্ষম হৈছিল (Assam Police continues war on drugs) ৷ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এই অভিযান অব্যাহত ৰাখিছে যদিও সেই অভিযানৰ মাজতো নিচাৰ বেহ চলি আছে ৰাজ্যত ৷ আন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো দিনক দিনে বৃদ্ধি পাইছে মাৰাত্মক ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ যাৰ ফলত অধঃপতনৰ দিশে গতি কৰিছে যুৱ প্ৰজন্মই (Teen drug abuse) ৷

ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি অৰ্থাৎ সোমবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলত কেইবাটাও স্থানীয় জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বত গঠিত ঐক্য মঞ্চৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে (Public protest against narcotics at Doom dooma) । সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ উদ্যোগত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে এই প্ৰতিবাদী সমদল বাহিৰ কৰে ।

প্ৰতিবাদৰ সময়ত ড্ৰাগছ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰক, জুৱা খেল উচ্ছেদ কৰক, অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰক, ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আদি বিভিন্ন শ্ল’গানৰে প্ৰতিবাদকাৰীসকলে ডুমডুমাৰ পৰিবেশ উত্তাল কৰি তোলে ৷ ডুমডুমা অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি থকা জুৱা খেল, ড্ৰাগছ, কানি, মদৰ লগতে মাৰাত্মক অবৈধ নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত প্ৰতিবাদকাৰীসকলে ডুমডুমা নগৰ খেলপথাৰৰ পৰা ডুমডুমা নগৰত পৰিক্ৰমা কৰে ।

প্ৰতিবাদী দল-সংগঠনসমূহে চৰকাৰ তথা প্ৰশাসনক ১৫ দিনৰ সময়সীমা বান্ধি দিয়ে । ১৫ দিনৰ ভিতৰত যদিহে ড্ৰাগছৰ ৰমৰমীয়া বেহা, কানি, মদ, ভাং, জোৱা খেল বন্ধ নকৰে তেন্তে দল সংগঠনসমূহে আগন্তুক দিনত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে (protest against narcotics at Doom dooma) ।

উল্লেখযোগ্য যে, তিনিচুকীয়াক ড্ৰাগছৰ সৰবৰাহকাৰীয়ে কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ ডিমাপুৰৰ পৰা ৰে’ল আৰু বাছৰ তিনিচুকীয়ালৈ ড্ৰাগছৰ সৰবৰাহ কৰাৰ পাছত অৰুণাচললৈ সৰবৰাহ কৰে ৷ সমান্তৰালভাৱে, অৰুণাচল প্ৰদেশৰ পৰা কাষৰীয়া জিলা হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ, ডুমডুমা, বৰডুমছা, ফিল’বাৰী, কঁঠালগুৰিকে আদি কৰি বিভিন্ন কাষৰীয়া অঞ্চলত ড্ৰাগছৰ ব্যৱসায় বৰ বেয়াকৈ শিপাইছে ৷ গতিকে এইক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও অভিযান আৰু তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আছে বুলি সকলোৱে একমুখে স্বীকাৰ কৰে ৷

লগতে পঢ়ক: Cattle recovered in Kaliabor: গৰুৰ অবৈধ সৰবৰাহ, পৃথকে চলোৱা অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.