ETV Bharat / state

তিনিচুকীয়াত সজাগতামূলক শোভাযাত্ৰা

author img

By

Published : Feb 12, 2021, 5:57 PM IST

তিনিচুকীয়াত সজাগতামূলক শোভাযাত্ৰা
তিনিচুকীয়াত সজাগতামূলক শোভাযাত্ৰা

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত নৱ ভোটাৰসকলকৰ সুবিধাৰ বাবে তিনিচুকীয়াত সজাগতামূলক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন ।

তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী: সন্মুখত অসম বিধানসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দৰ কৰি তৎপৰ সকলো । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সজাগতামূলক শোভাযাত্ৰা কাৰ্যসূচীৰ ৰূপায়ন ।

শুকুৰবাৰে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা পুথিভঁৰালৰলৈকে এক সজাগতামূলক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । নতুন ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি এই শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

তিনিচুকীয়াত সজাগতামূলক শোভাযাত্ৰা

নতুন ভোটাৰসকলে ভোটদান প্ৰক্ৰিয়াত সদলবলে যোগদান কৰি ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাৰ শ্লগান দি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত শোভাযাত্ৰা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়াই ।

লগতে পঢ়ক:অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.