ETV Bharat / state

পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

author img

By

Published : Dec 23, 2020, 7:14 AM IST

মঙলবাৰৰে পৰা বৰগুৰিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত ৰূপায়ন এই প্ৰতিবাদী কাৰ্যসূচী ৷

Protest by Peoples of Laikadadhiya demanding re-establishment
পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

তিনিচুকীয়া,22ডিচেম্বৰ: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত টিএমপিকে,এমএমকে,টিএমএমকে ৰ উদ্যোগত লাইকা-দধিয়াবাসীৰ বিশাল গণ বিক্ষোভ ৰূপায়ন ৷ এই সন্দৰ্ভত সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত মঙলবাৰৰে পৰা বৰগুৰিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে লাইকা-দধিয়াবাসীয়ে ৷

পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

উল্লেখ্য যে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰাৰ পাছতো চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি মন্তব্য আগবঢ়ায় প্ৰতিবাদকাৰীসকলে । চৰকাৰে দাবীসমূহ মানি নোলোৱা পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ৷ তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আৰু জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

লগতে পঢ়কঃ কোকৰাঝাৰত ইউপিপিএলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.