ETV Bharat / state

শদিয়াৰ এনকাউণ্টাৰৰ ঘটনা; আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 7:47 PM IST

people protest against sadia encounter
শদিয়াৰ এনকাউণ্টাৰৰ ঘটনা; আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

Protest at Sadia SP Office : শদিয়াৰ তিনি যুৱকক এনকাউণ্টাৰ কৰাৰ বিৰুদ্ধে শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে খেদি পঠিয়ালে স্থানীয় ৰাইজ তথা মহিলা সমিতিৰ সদস্যক ৷

শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া, ২৬ ডিচেম্বৰ : শদিয়াৰ তিনি যুৱক ক্ৰমে নিজৰাপাৰাৰ মনোজ বুঢ়াগোঁহাই, মিলন নগৰৰ নবীন নেওগ (দ্বীপজ্যোতি) আৰু শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোঁহাই আলফা স্বাধীনলৈ যোৱাৰ অভিযোগত শনিবাৰে নিশা আৰক্ষীয়ে অৰুণাচল প্ৰদেশত আটক কৰাৰ পাছতে আৰক্ষীয়ে গুলীবিদ্ধ কৰে তিনিওগৰাকীকে । তাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য তথা চৰ্চাৰ ৷

সমান্তৰালভাৱে পৰৱৰ্তী সময়ত আলফা স্বাধীনৰ তৰফৰ পৰাও বিবৃতিৰ জৰিয়তে স্পষ্ট কৰে যে এই তিনিগৰাকী যুৱকৰ আলফা স্বাধীনৰ স’তে কোনো সম্পৰ্ক নাই ৷ তাৰ পাছতে মঙলবাৰে শদিয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষীৰ স’তে তিনি যুৱকৰ পৰিয়ালৰ লগতে মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, তিনি যুৱকৰ পৰিয়ালৰ স’তে স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকৰ লগতে আলোচনা কৰিবৰ বাবে গৈছিল যদিও আৰক্ষীয়ে বাধা দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকগৰাকীয়ে বাহিৰলৈ ওলাই আহে যদিও ৰাইজক বেয়া ব্যৱহাৰ কৰাৰ লগতে খদি পঠোৱাৰ অভিযোগ উত্থাপন কৰে । মহিলা সমিতিৰ লগতে স্থানীয় ৰাইজে আলফা স্বাধীনলৈ যোৱাৰ অভিযোগত গুলীবিদ্ধ কৰা তিনি যুৱকক উচিত চিকিৎসা প্ৰদান কৰাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী উত্থাপন কৰে ৷

কিয়নো এজন যুৱকৰ দুয়োখন ভৰিতে গুলীবিদ্ধ কৰি আজীৱন পংগু কৰি তোলাৰ লগতে আন দুজনেও এখন এখন ভৰিত আঘাত পোৱাৰ বাবে আজীৱন পংগুৰ দৰে জীৱন অতিবাহিত কৰিব লাগিব ৷ সমান্তৰালভাৱে বৰ্তমান তিনিও যুৱক কেনে অৱস্থাত আছে সেই বিষয়ে সম্পূৰ্ণ অজ্ঞাত পৰিয়াল ৷ গতিকে পৰিয়ালক লগ পোৱাৰ ব্যৱস্থা কৰি ঘৰলৈ সুস্থভাৱে ঘূৰি অহাৰ ব্যৱস্থা কৰিব লাগে বুলি স্থানীয় ৰাইজৰ দাবী ৷

উল্লেখযোগ্য যে যুৱক তিনিজনক দেওবাৰে পুৱাতেই আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ বাবে ভৰ্তি কৰিছিল যদিও প্ৰাথমিক চিকিৎসা আৰু কিছু পৰীক্ষা কৰিয়েই উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । সম্প্ৰতি অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে শদিয়াৰ তিনিওগৰাকী গুলীবিদ্ধ যুৱক ৷

লগতে পঢ়ক :অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.