ETV Bharat / state

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড: আহিল লক্ষাধিক টকাৰ বিল

author img

By

Published : May 17, 2021, 9:06 AM IST

Power department's strange case, monthly bill in Kakopathar fetches lakhs of rupees
বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, কাকপথাৰত মাহেকৰ বিল আহিল লাখ লাখ টকা

তিনিচুকীয়াৰ বিদ্যুৎ বিভাগত সংঘটিত হৈ আহিছে কেতবোৰ আজৱ কাণ্ড ৷ গ্ৰাহকে মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাচতো মাহেকত বিদ্যুতৰ মাচুল আহিছে 50-83 হাজাৰ টকা ৷ ঘৰুৱা তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিদ্যুতৰ মাচুল অত্যধিক দেখি আচম্বিত হৈ পৰা গ্ৰাহকে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৷

শদিয়া,17 মে': বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই চিন্তিত কৰি তুলিছে তিনিচুকীয়াৰ কাকপথাৰবাসীক ৷ জিলাখনৰ বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে গ্ৰাহকসকল ৷ জিলাখনৰ সকলো প্ৰান্তৰ লোকৰ লগতে কাকপথাৰ চহৰৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাহেকীয়া বিদ্যুৎ মাচুল দুই লাখ চল্লিশ হাজাৰ টকালৈকে অহাত হতভম্ব হৈ পৰিছে চহৰবাসী ৷ মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহা এইসকল গ্ৰাহকে বিভাগটোৰ এনে কাণ্ডত এতিয়া মূৰে-কপালে হাত দিছে ৷

কেইদিনমানৰ পূৰ্বে ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বহুকেইটা পৰিয়াললৈ মাহেকীয়া বিদ্যুৎ মাচুল 50-85 হাজাৰ টকা অহাৰ পাচতে পুনৰ একেই ঘটনা সংঘটিত হৈছে কাকপথাৰ চহৰৰ কেইখনমানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৷

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি, কাকপথাৰৰ গোপাল জৈন নামৰ কাপোৰৰ ব্যৱসায়ীজনৰ বিদ্যুৎ মাচুল 24,096 টকা, দীপক মহেশ্বৰীৰ 89,927 টকা, এখন পূজাৰ সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বিদ্যুৎ মাচুল 86,700 টকা অহাত ক্ষোভিত হৈ পৰিছে কাকপথাৰবাসী ৷ প্ৰতিমাহে বিদ্যুতৰ বিল পৰিশোধ কৰি থকাৰ পিছতো কিয় হাজাৰোধিক টকাৰ বিল আহিব ধৰিছে, সেয়া উত্তৰ নাই ডুমডুমাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হাতত ৷

ইফালে এই বিল গ্ৰাহকে পৰিশোধ কৰিবই লাগিব বুলি বিদ্যুৎ কৰ্মচাৰীয়ে স্পষ্টভাৱে জনাই দিয়াৰো অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৷ ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগ তথা বিভাগটোৰ নৱ নিৰ্বাচিত মন্ত্ৰীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে গ্ৰাহকসকলে ৷

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.