ETV Bharat / state

Pathaan first show at Tinsukia : তিনিচুকীয়াত সফল পাঠানৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'

author img

By

Published : Jan 25, 2023, 3:24 PM IST

Pathaan first show at Tinsukia
তিনিচুকীয়াত সফল পাঠানৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'

বিতৰ্কিত পাঠান ছবিখনে প্ৰথম দিনাই তিনিচুকীয়াত দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিলে (Pathaan first show at Tinsukia)। পুৱাই ৰংঘৰ ছবিগৃহত দৰ্শকৰ ভিৰ । ছবিখন উপভোগ কৰি আনন্দিত শ্বাহৰুখ খানৰ অনুৰাগী ।

তিনিচুকীয়াত সফল পাঠানৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'

তিনিচুকীয়া,২৫ জানুৱাৰী : দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত অৱশেষত ছবিগৃহলৈ আহিল পাঠান (Pathaan film released)। সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তি লাভ কৰিলে বিতৰ্কিত বোলছবিখনে । ৰাজ্যৰ দৰ্শকসকলৰ মাজত ছবিখনক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । সকলো বিতৰ্ক একাষৰীয়া কৰি পুৱাই ছবিখন উপভোগ কৰিবলৈ দলে-বলে ওলাই আহিল দৰ্শক ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ ৰংঘৰ ছবিগৃহত পুৱাৰে পৰা দেখা গৈছে দীঘলীয়া শাৰী (Crowd of audience to watch Pathaan)। পুৱা ১০ বজাৰ লগে লগে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকে ভিৰ কৰিলে ৰংঘৰ ছবিগৃহ । সকলোৰে মুখত কেৱল এটাই কথা, "পাঠান চোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে"। সেয়ে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ শ্বাহৰুখ খানৰ অনুৰাগীয়ে ভিৰ কৰিলে ছবিগৃহত ।

ছবিখনক লৈ বহু বিতৰ্ক চলি আছিল যদিও তিনিচুকীয়াৰ ৰংঘৰ ছবিগৃহত শান্তিপূৰ্ণভাৱে প্ৰথম দৰ্শনী সমাপ্ত হয় (First day first show of Pathaan)। ছবিখনৰ প্ৰথম দৰ্শনী উপভোগ কৰি আনন্দিত শ্বাহৰুখ খানৰ অনুৰাগী । ব্যাপক উছাহৰ মাজতে একাংশ দৰ্শকে আকৌ ক'লে, 'এছআৰকে জিন্দাবাদ' । সকলো ফালৰ পৰাই ছবিখনে দৰ্শকক আকৰ্ষিত কৰিব পাৰিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ দৰ্শকে (Audience reacts over Pathaan)।

ইফালে একাংশ হিন্দুত্ববাদী সংগঠনে দিয়া ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ ছবিগৃহবোৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । পুৱাৰে পৰা ছবিগৃহৰ ভিতৰে বাহিৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মোতায়েন কৰা হৈছে (Security arrangements in Tinsukia over Pathaan)। অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈয়ে তিনিচুকীয়াত পাঠানৰ প্ৰথম দৰ্শনী সমাপ্ত হয় ।

অৱশ্যে একাংশ দৰ্শকৰ মতে সংস্কৃতিক লৈ কেতিয়াও বিতৰ্ক কৰিব নালাগে । হিন্দী ছবি চাবলৈ যেনেদৰে লোকসকল ওলাই আহিছে অসমীয়া ছবিও চাবলৈ ৰাইজক আহ্বান জনাইছে একাংশ দৰ্শকে ।

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো পাঠান ছবিখনক লৈ বিতৰ্ক চলিছিল (Pathaan film controversy in Assam)। কেইবাটাও হিন্দুত্ববাদী সংগঠনে পাঠানৰ পোষ্টাৰ জ্বলাই দিয়াৰ লগতে ছবিখন অসমত নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল (Protest against Pathaan)। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ছবিখনক লৈ বিতৰ্ক নকৰিবলৈ আহ্বান জনাইছিল । লগতে ছবিখনৰ মুক্তিৰ লগতে প্ৰদৰ্শনীৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

লগতে পঢ়ক :Pathaan released : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণত পাঠানৰ দৰ্শনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.