Pathaan released : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণত পাঠানৰ দৰ্শনী

author img

By

Published : Jan 25, 2023, 1:25 PM IST

Pathaan released

দেশজুৰি মুক্তি পালে বহু বিতৰ্কিত ছবি 'পাঠান' (Pathaan film released)। অসমৰ প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী । মৰাণৰ হাউছফুল টকিজত নিশাৰে পৰা আৰক্ষী মোতায়েন ।

মৰাণ,২৫ জানুৱাৰী : বহু বিৰ্তকৰ অন্তত বুধবাৰে মুক্তি পালে বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ "পাঠান" বোলছবি (Pathaan film released)। সমগ্ৰ দেশৰ লগতে অসম ছবিগৃহবোৰতো বোলছবিখনৰ প্ৰথম দৰ্শনীৰ বাবে ভিৰ দৰ্শকৰ । কোনো অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে সষ্টম অসম আৰক্ষী । প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী ।

উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তৰ লগত অসমতো 'পাঠান' বোলছবিখনক লৈ বিতৰ্ক অব্যাহত আছে (Pathaan film controversy in Assam)। ছবিখনৰ বিৰুদ্ধে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদো সাব্যস্ত কৰিছে । অৱশ্যে অসমৰ মুখ্যমুন্ত্ৰীয়ে ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো বাধা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ছবিগৃহবোৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণত পাঠানৰ দৰ্শনী

অসমত ছবিখনৰ মুক্তিৰ পূৰ্বেই লাখ লাখ টকাৰ টিকট বিক্ৰী হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো কটকটীয়া নিৰাপত্তাৰ মাজত চলিছে পাঠান বোলছবিৰ দৰ্শনী । মৰাণৰ একমাত্ৰ ছবিগৃহ হাউছফুল টকিজত নিশাৰে পৰা আৰক্ষীৰ এটা বৃহৎ দলে নিৰাপত্তা প্ৰদান কৰিছে (Security arrangements in Moran over Pathaan film)। আৰক্ষী চক্ৰৰ পৰিদৰ্শক, মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ সৈতে ২০ গৰাকীৰো অধিক আৰক্ষী নিৰাপত্তাৰ দায়িত্বত আছে মৰাণৰ ছবি গৃহটোৰ বাহিৰত ।

ইতিমধ্যে প্ৰথম দিনাৰ ছবিখনৰ চাৰিটা দৰ্শনীৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে । মুখ্য চৰিত্ৰত অভিনয় কৰা চুপাৰষ্টাৰ শ্বাহৰুখ খান, জন আব্ৰাহম আৰু দীপিকা পাডুকনৰ ছবিখন চাবলৈ ভিৰ কৰিছে দৰ্শকে ।

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত 'পাঠান' বিৰোধী বিতৰ্ক চলি থকাৰ মাজতে অসমতো একাংশই এই ছবিখনৰ বিৰোধিতা কৰিছিল । একাংশই 'পাঠান' ছবিখনৰ বিৰোধিতা কৰিলেও শ্বাহৰুখ খানৰ অনুৰাগীয়ে ছবিখনক সমৰ্থন জনাইছে (Houseful show of Pathaan in Moran)। ইয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো পুৱাই ছবি চাবলৈ ওলাই আহিছে অনুৰাগী ।

ইফালে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা দিগন্ত হাজৰিকাইও বিৰ্তকিত 'পাঠান' ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে দুটা দিনৰ পূৰ্বে ডিব্ৰুগড়লৈ আহি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙেও ঘোষণা কৰিছিল যে পাঠানক লৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ দিয়া নহ'ব । প্ৰতিবাদ কৰিলেও আইন শৃংখলা মানি প্ৰশাসনৰ অনুমতি লৈ প্ৰতিবাদ কৰিব লাগিব (Protest against Pathaan)।

আনহাতে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক ছবিখন চলি থকা সময়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিছিল জি পি সিঙে । যাৰ বাবে ডিব্ৰুগড় জিলাৰো প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :GP Singh reacts on Pathaan: পাঠান ছবিক লৈ প্ৰতিক্ৰিয়া জিপি সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.