অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?

author img

By

Published : Sep 19, 2021, 1:16 PM IST

mining-again-stared-in-baghjan-oil-field

বাঘজান BGN 5 নং তৈলখাদত সংঘটিত অভিশপ্ত অগ্নিকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পূৰ্ণগতিত চলি আছে বাঘজানত কেইবাটাও অইল খাদৰ কাম-কাজ । পক্ষী বিচৰণস্থলী এছিয়া বিখ্যাত মাগুৰি মতাপুং বিলৰ পাৰতে বহিছে Foresight S-103 নামৰ এটা ৰিগ । নিমাত বিভিন্ন দল-সংগঠন, প্ৰকৃতি কৰ্মী ৷

তিনিচুকীয়া, 19 ছেপ্টেম্বৰ : বাঘজান কাণ্ডৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল । ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN 5 নং তৈলখাদত সংঘটিত হৈছিল অভিশপ্ত অগ্নিকাণ্ড । যিটো ঘটনাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল । ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতি হৈছিল বাঘজানবাসীৰ ঘৰ-বাৰী, সা-সম্পত্তি, কৃষিভূমি, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, পক্ষী বিচৰণস্থলী মাগুৰি মতাপুং বিলৰ লগতে আন বহুতো । শাৰীৰিক আৰু মানসিকভাৱেও ভাগি পৰিছিল বাঘজানবাসী ।

mining-again-stared-in-baghjan-oil-field
বাঘজান তৈলখাদ

আনহাতে, বাঘজান কাণ্ডৰ ফলত মৃত্যু হৈছিল চাৰিজনকৈ লোকৰ । অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুৰ্লভ গগৈ, তিখেশ্বৰ নেওগ, অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ আৰু স্থানীয় বাসিন্দা শুক্লেশ্বৰ নেওগৰ । উদ্ভৱ হৈছিল এক অৱৰ্ণনীয় পৰিস্থিতিৰ, যিটো হয়তো সহজে পাহৰি যোৱাটো সম্ভৱ নহয় ।

mining-again-stared-in-baghjan-oil-field
এছিয়া বিখ্যাত মাগুৰি মতাপুং বিল

প্ৰায় ছমাহৰ অন্তত অগ্নিকাণ্ড নিৰ্বাপিত হ'ল । কিন্তু মানুহৰ মনৰ জুই যেন এতিয়াও নিৰ্বাপিত হোৱা নাই । বাঘজান কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বাঘজানবাসীয়ে পোৱা নাই উপযুক্ত তথা চূড়ান্ত ক্ষতিপূৰণ । যাৰবাবে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজানবাসীয়ে । কিন্তু অতি আশ্বৰ্যকৰ কথা যে, তেনে সময়তে বাঘজান অঞ্চলত পুনৰ অইল খননৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?

বাঘজান কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত দেওবাৰে বাঘজানবাসী ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বাঘজানৰ TBK নামৰ তৈলখাদটো পক্ষী বিচৰণস্থলী এছিয়া বিখ্যাত মাগুৰি মতাপুং বিলৰ পৰা প্ৰায় ২০ মিটাৰ আঁতৰত অৱস্থিত । এই তৈলখাদটোৰ বাবে এতিয়া অধিক সংকটৰ মাজলৈ ঠেলি দিয়া হৈছে জৈৱ-বৈচিত্ৰৰে ভৰপূৰ মাগুৰি মতাপুং বিলক । আনহাতে মাগুৰি বিলৰ মাছৰ ওপৰত জীৱিকা নিৰ্বাহ কৰি আহিছে অঞ্চলবাসী ৰাইজে । অঞ্চলবাসীয়ে অইলৰ এনে কাৰ্যক তীব্ৰ বিৰোধিতা কৰি এই কাৰ্য অবৈধ বুলি উল্লেখ কৰে ।

তেওঁলোকে লগতে অইলে ৰাইজৰ অনুমতি অবিহনে কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে । বাঘজানবাসী ৰাইজে লগতে প্ৰদূষণ ব’ৰ্ড আৰু প্ৰশাসনক অইলৰ এনে কাম পৰ্যবেক্ষণ কৰি অতি সোনকালে বন্ধ কৰাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক : বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.