বাঘজান অঞ্চলত তৈল খাদ স্থাপন আৰু খনন বন্ধ কৰাৰ দাবীত মিলনজ্যোতি যুৱ সংঘৰ প্ৰতিবাদ

author img

By

Published : Dec 7, 2021, 10:51 PM IST

Milanjyoti Yuva Sangha protest

অইল ইণ্ডিয়া লিমিটেডে কি কি কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰিছে, তাক ৰাজহুৱা নকৰা পৰ্যন্ত বাঘজান অঞ্চলত নতুনকৈ তৈল খাদ স্থাপন আৰু খনন বন্ধ কৰাৰ দাবীত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাঘজানৰ মিলনজ্যোতি যুৱ সংঘই ৷ জন এনাৰ্জীৰ দৰে বিতৰ্কিত কোম্পানী সমূহক বাঘজান অঞ্চলত খনন কাৰ্যৰ পৰা বিৰত ৰখাৰ বাবে দাবী জনাই মিলনজ্যোতি যুৱ সংঘই(Protest against Oil India Limited) ৷

তিনিচুকীয়া, 7 ডিচেম্বৰ : ২৭ মে' ২০২০ ৰ দৰে ঘটনাৰ পৰা সুৰক্ষা প্ৰদানত অইল ইণ্ডিয়া লিমিটেডে কি কি কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰিছে, তাক ৰাজহুৱা নকৰা পৰ্যন্ত বাঘজান অঞ্চলত নতুনকৈ তৈল খাদ স্থাপন আৰু খনন বন্ধ কৰাৰ দাবীত(Demand to installation of oil ditches and closure of mining in Baghjan area) বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাঘজানৰ মিলনজ্যোতি যুৱ সংঘই(Protest against Oil India Limited) ৷ জন এনাৰ্জীৰ(John Energy Private Limited) দৰে বিতৰ্কিত কোম্পানীসমূহক বাঘজান অঞ্চলত খনন কাৰ্যৰ পৰা বিৰত ৰখা আৰু যিকোনো ব্যক্তিগত কোম্পানীক অইলে নিবিদা দিয়াটো নিষিদ্ধ কৰাৰ লগতে অইলৰ সকলো ধৰণৰ কাম অইল ইণ্ডিয়া লিমিটেডে নিজেই কৰাৰ বাবে দাবী উত্থাপন কৰে মিলনজ্যোতি যুৱ সংঘই ৷

মিলনজ্যোতি যুৱ সংঘৰ প্ৰতিবাদ

তদুপৰি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাঘজানত উপস্থিত হৈ ঘোষণা কৰা উন্নয়নমূলক বিশেষ আঁচনিসমূহ অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবীৱ উত্থাপন কৰে মিলনজ্যোতি যুৱ সংঘই ৷ উল্লেখ্য যে, বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বাঘজানবাসী আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়(Milanjyoti Yuva Sangha protest In Baghjan) ।

কাৰ্যসূচীৰ জৰিয়তে তিনিচুকীয়া জিলাৰ উপায়ুক্তলৈ নিৰ্বাচনী বিভাগৰ দণ্ডাধীশ কংকণজ্যোতি শইকীয়াৰ উপস্থিতিত ৮ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে । কাৰ্যসূচীত অসম মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সহকাৰী সাধাৰণ সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বাঘজান আঞ্চলিক সমিতিৰ সভাপতি আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: হোমেন বৰগোহাঞিৰ জন্ম দিৱসত ২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.