হোমেন বৰগোহাঞিৰ জন্ম দিৱসত ২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান

author img

By

Published : Dec 7, 2021, 9:51 PM IST

Assam government felicitated literary pensioner

বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱসৰ আনুষ্ঠানিক কাৰ্যসূচীত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ২৩ গৰাকী সাহিত্যিকক অনুষ্ঠানিকভাৱে সম্বৰ্ধনা (Assam government felicitated literary pensioners) ৷ মহান সাহিত্যিক গৰাকীৰ ওপজা দিনটো সাহিত্যিক পেঞ্চন প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰিছে চৰকাৰে ।

গুৱাহাটী, ৭ ডিচেম্বৰ : ‘‘সাহিত্যই আমাক অতীতলৈ লৈ যাব পাৰে, ভৱিষ্যতৰ বাট দেখুৱাব পাৰে আৰু কিতাপৰ পৃষ্ঠাৰ মাজতেই আমি ভ্ৰমি ফুৰিব পাৰো সমগ্ৰ পৃথিৱী ৷’’ বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱসৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত এনেদৰে কয় (Dr Ranoj Pegu remembers Homen Borgohain) ।

Assam government felicitated literary pensioner
হোমেন বৰগোহাঞিৰ জন্ম দিৱস

মন্ত্ৰীগৰাকীয়ে হোমেন বৰগোহাঞিৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি এই কথা ব্যক্ত কৰে যে, অসম চৰকাৰে কাৰ্যকৰী কৰা মিছন বসুন্ধৰা আৰু প্ৰণাম আঁচনিৰ দৰে পদক্ষেপ সমূহ প্ৰকৃতাৰ্থতে সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঞিৰ চিন্তা চেতনাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলিসদৃশ । নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষক সমাজলৈও আহ্বান জনায় ।

Assam government felicitated literary pensioner
২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে চলিত বৰ্ষৰ বাবে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ২৩ গৰাকী সাহিত্যিকক অনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় (Assam government felicitated literary pensioners)।

অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে, হোমেন বৰগোহাঞিৰ কৰ্মৰাজী আৰু আদৰ্শক জীয়াই ৰাখিবলৈ অসম চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷ তাৰে অংশ স্বৰূপে মহান সাহিত্যিক গৰাকীৰ ওপজা দিনটো সাহিত্যিক পেঞ্চন প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ।

Assam government felicitated literary pensioner
২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান

এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰীয়ে হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত হোমেন বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্ৰদীপ্ত বৰগোহাঞিও উপস্থিত থাকে ।

লগতে পঢ়ক : গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.