গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

author img

By

Published : Dec 7, 2021, 3:53 PM IST

Updated : Dec 7, 2021, 6:51 PM IST

Jnanpith Award to Nilmani Phookan

জ্ঞানপীঠ বঁটাৰে বিভূষিত হ’ল গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকন ৷ জাীৱনজোৰা সাহিত্য সাধনাৰ বাবে এইগৰাকী অশীতিপৰ কবিলৈ আগবঢ়োৱা হ’ল জ্ঞানপীঠ বঁটা (Jnanpith Award to Nilmani Phookan) ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ : জীৱনযোৰা সাহিত্য সাধানাৰ প্ৰতিদান স্বৰূপে জ্ঞানপীঠ বঁটাৰে বিভূষিত হ’ল গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকন (Jnanpith Award to prominent assamese poet Nilmani Phookan) ৷ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খৱৰটো পোৱাৰ পিচতো আনন্দ প্ৰকাশ কৰিব পৰা নাই কবিগৰাকীয়ে । অসুস্থাৰ বাবে বৰ্তমান শয্যাগত হৈ আছে অশীতিপৰ কবি নীলমণি ফুকন ।

শুভাকাংক্ষী আৰু গুণমুগ্ধ সকলক দেখা কৰি আনন্দ প্ৰকাশ কৰিব পৰা নাই তেওঁ । কবি নীলমণি ফুকনৰ সহধৰ্মিণী দুলু ফুকনে সাংবাদিকৰ আগত কয় যে, ‘‘খৱৰটো আজি ফোনেৰে পাইছো । আনন্দও লাগিছে আৰু দুখো লাগিছে । তেওঁ অসুস্থতাৰ বাবে খৱৰটো পায় বেছি আনন্দ প্ৰকাশ কৰিব পৰা নাই । তেওঁ খৱৰটো মোৰ পৰা পাই মাত্ৰ কৈছে ভাল খৱৰ ’’।

গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

দুলু গগৈয়ে লগতে কয় যে, চকুৰে ভালকৈ নেদেখাৰ বাবে বহু দিন ধৰি একো লিখা-মেলা কৰিব পৰা নাই কবিগৰাকীয়ে । এই প্ৰাপ্তিৰ বাবে নীলমণি ফুকনৰ গুণমুগ্ধ আৰু শুভাকাংক্ষীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে কবিগৰাকীৰ পত্নীয়ে ।

থোৰতে কবি নীলমণি ফুকন :

অসমীয়া ভাষাৰ এগৰাকী প্ৰখ্যাত কবি, কলা-সমালোচক, অধ্যাপক তথা সাহিত্যিক এইগৰাকী অশীতিপৰ ব্যক্তি ৷ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল এইগৰাকী কবিয়ে ৷ তেখেতক গোলাপী জামুৰ লগ্নৰ কবি বুলিও অভিহিত কৰা হয় ৷

এইগৰাকী প্ৰখ্যাত কবিৰ জন্ম হৈছিল 1933 চনৰ 10 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত ৷ 1961 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ 1964 চনত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ৷ 1992 চনত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে নীলমণি ফুকনে ৷ তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল 1950 চনৰ পৰা ৷

1981 চনত কবিতা শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে নীলমণি ফুকনলৈ আগবঢ়োৱা হয় সাহিত্য অকাডেমি বঁটা (Sahitya Academy award to Nilmoni Phhookan) ৷ 1990 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয় এইগৰাকী কবিক ৷ 1991 চনত ছগনলাল জৈন বঁটা লাভ কৰাৰ উপৰিও 1997 চনত অসম উপত্যকা বঁটা লাভ কৰে কবিগৰাকীয়ে ৷ 2002 চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্যিক ফেল’ প্ৰদান কৰা হয় নীলমণি ফুকনক ৷ তাৰোপৰি 2019 চনৰ 19 আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক প্ৰদান কৰে সন্মানীয় ডি লীট উপাধি ৷

শেহতীয়াকৈ তেওঁৰ জীৱনজোৰা কৰ্মৰাজিৰ বাবে নীলমণি ফুকনক সন্মানিত কৰা হ’ল জ্ঞানপীঠ বঁটাৰে ৷ তেখেতৰ উল্লেখযোগ্য কৰ্মৰাজি সমূহৰ ভিতৰত অন্যতম

কাব্যগ্ৰন্থ :

সূৰ্য হেনো নামি আহে এই নদীয়েদি

নিৰ্জনতাৰ শব্দ

আৰু কি নৈশব্দ

কাঁইট গোলাপ আৰু কাঁইট

গোলাপী জামুৰ লগ্ন

কবিতা

সাগৰ তলিৰ শংখ

নৃত্যৰতা পৃথিৱী

অলপ আগতে আমি কি কথা পাতি আছিলোঁ

তেখেতৰ আত্মজীৱনী হৈছে পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলোঁ যি ৷ এইগৰাকী কবিলৈ এই শুভ ক্ষণত ইটিভি ভাৰতৰ পৰাও জনালোঁ অলেখ শুভকামনা ৷ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ কবিগৰাকীৰ ৷

লগতে পঢ়ক : প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত মুকলি হ’ল পথ

Last Updated :Dec 7, 2021, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.