ETV Bharat / state

কাকপথাৰত বাতিল মৰাণসকলৰ হেঁপাহৰ ৰাতি বিহু

author img

By

Published : Apr 26, 2020, 2:05 PM IST

কাকপথাৰত বাতিল মৰাণসকলৰ হেঁপাহৰ ৰাতি বিহু
কাকপথাৰত বাতিল মৰাণসকলৰ হেঁপাহৰ ৰাতি বিহু

তিনিচুকীয়াৰ কাকপথাৰত ৰাতি বিহু বাতিল ৷ কোভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাকপথাৰৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ কেৱল পতাকা উত্তোলন কৰিয়ে সামৰিলে হেঁপাহৰ ৰাতি বিহুটিৰ পৰম্পৰা ৷

তিনিচুকীয়া, 26 এপ্ৰিল : অসমৰ মৰাণ জনগোষ্ঠীক স্বকীয় আৰু চহকী কলা-সংস্কৃতিৰ অধিকাৰী বুলি জনা যায় ৷ মৰাণ জনগোষ্ঠীটোৱে অতীজৰে পৰা বসন্ত উৎসৱ হিচাপে পালন কৰি অহা এটি আকৰ্ষণীয় আৰু ব্যতিক্ৰমী পৰম্পৰা হৈছে ‘ৰাতি বিহু’

উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ পৰ্যটন নিগমৰ পৃষ্ঠপোষকতাত আৰু মৰাণ জনগোষ্ঠীৰ সংগঠনসমূহৰ উদ্যোগত 25 এপ্ৰিল তাৰিখে কাকপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এই ৰাতি বিহু । কিন্তু সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা কৰ’ণা মহামাৰীৰ বাবে এইবাৰ বাতিল কৰা হ’ল মৰাণসকলৰ হেঁপাহৰ ৰাতি বিহুটি ৷

মৰাণ জনগোষ্ঠীয় নিয়ম অনুসৰি কেৱল পতাকা উত্তোলন কৰিয়ে সামৰিলে কাকপথাৰৰ এইবাৰৰ ৰাতি বিহুটিৰ পৰম্পৰা। শেহতীয়া পৰিস্থিতিৰ বাবে মৰাণ জনগোষ্ঠীয় লোকসকলে এইবাৰ ৰাতি বিহু, গছৰ তলৰ বিহু আৰু হুঁচৰি গোৱা প্ৰথাৰ পৰা বিৰত থাকিল ৷ এই সম্পৰ্কত আমাৰ এক প্ৰতিবেদন...

কাকপথাৰত বাতিল মৰাণসকলৰ হেঁপাহৰ ৰাতি বিহু

লগতে পঢ়ক : গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.