ETV Bharat / state

সন্মান পাম বুলি সাহিত্য চৰ্চা কৰা নাছিলোঁ; সাহিত্য অকাদেমি বঁটাপ্ৰাপক যুদ্ধবীৰ ৰাণা

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:04 PM IST

Sahitya Akademi Award: 'নেপালী লোক-সাহিত্য বা লোক-সংস্কৃতিৰ পৰিচয়' শীর্ষক গ্রন্থৰ বাবে যুদ্ধবীৰ ৰাণালৈ এই বছৰৰ সাহিত্য অকাদেমি বঁটা প্ৰদান কৰা হৈছে । তেওঁৰ সৈতে হোৱা কথোপকথনত নিজৰ কৰ্মজীৱন আৰু সাহিত্য চৰ্চাৰ লগতে এই বঁটা লাভ কৰি হোৱা অনুভৱ ব্যক্ত কৰে বিশিষ্ট নেপালী সাহিত্যিকগৰাকীয়ে ।

সন্মান পাম বুলি সাহিত্য চৰ্চা কৰা নাছিলোঁ; সাহিত্য অকাদেমি বঁটাপ্ৰাপক যুদ্ধবীৰ ৰাণা
সন্মান পাম বুলি সাহিত্য চৰ্চা কৰা নাছিলোঁ; সাহিত্য অকাদেমি বঁটাপ্ৰাপক যুদ্ধবীৰ ৰাণা

সাহিত্য অকাদেমি বঁটাপ্ৰাপক নেপালী সাহিত্যিক যুদ্ধবীৰ ৰাণাৰ মনৰ কথা

তিনিচুকীয়া, ২১ ডিচেম্বৰ : "এজোপা গছ ৰোপণ কৰিলে এদিন ফল দিবই, কিন্তু ফলৰ আশাত গছ ৰোপণ কৰিলে নহ’ব ৷ ঠিক তেনেকৈ মই কোনো দিনেই কিবা সন্মান পাম বুলি লিখা-মেলা কৰা নাছিলোঁ । মাথো লিখি গৈছিলো । অৱশেষত আজি ভাল খবৰটো অহাত আনন্দিত হৈছোঁ ।" 'নেপালী লোক-সাহিত্য বা লোক-সংস্কৃতিৰ পৰিচয়' শীর্ষক গ্রন্থখনৰ বাবে নেপালী ভাষাত সাহিত্য অকাদেমি বঁটা লাভ কৰি এনেদৰে মত প্রকাশ কৰে তিনিচুকীয়া জিলাৰ ডিগবৈৰ বিশিষ্ট নেপালী সাহিত্যিক যুদ্ধবীৰ ৰাণাই ।

সাহিত্যিকগৰাকীয়ে তেওঁলৈ এই স্বীকৃতি প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা প্রসংগত কয়, "নেপালী সাহিত্যৰ এখন অভিধান ইতিমধ্যে মই লিখি উলিয়াইছোঁ । অতি কম দিনৰ ভিতৰতে প্ৰকাশ কৰাৰ দিহা কৰিম । অভিধানখনে নেপালী ভাষাৰ শব্দৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব ।"

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ টিংৰাই দুই নম্বৰ অসমীয়া গাঁৱৰ নিবাসী যুদ্ধবীৰ ৰাণালৈ নেপালী সাহিত্যৰ বাবে সাহিত্য অকাদেমি বঁটা প্রদান কৰাত জিলাখনৰ লগতে সমগ্র ডিগবৈ চহৰতে আনন্দৰ জোৱাৰ উঠিছে । 'নেপালী লোকসাহিত্য আৰা লোকসংস্কৃতিকো পৰিচয়' নামৰ গ্ৰন্থখনৰ বাবে সাহিত্যিক ৰাণাই এই সন্মান লাভ কৰিবলৈ সক্ষম হয় । ১৯৩৯ চনৰ ১১ ডিচেম্বৰত জন্মগ্রহণ কৰা ৰাণা নেপালী ভাষাৰ এগৰাকী বিশিষ্ট সাহিত্যিক হোৱাৰ উপৰি একাধাৰে ভাস্কর্যশিল্পী, চিত্রশিল্পী, কবি-গীতিকাৰ ।

ইয়াৰ লগতে তেওঁ এগৰাকী সুদক্ষ খেলুৱৈ হিচাপেও সুনাম আর্জিছে । উল্লেখ্য যে সাহিত্যিক ৰাণা এগৰাকী অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক । তেওঁ এটা সময়ত নিজে যথেষ্ট কষ্ট আৰু অশেষ ত্যাগ স্বীকাৰ কৰি ডিগবৈ চহৰত পূর্বাঞ্চল প্রাথমিক বিদ্যালয় নামৰ এখন বিদ্যালয় স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত বিদ্যালয়খন প্রাদেশিকীকৃত হয় । উক্ত বিদ্যালয়ৰ পৰাই দীর্ঘদিনীয়া শিক্ষকতাৰ অন্তত প্রধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰি সাহিত্যিকগৰাকীয়ে নেপালী সাহিত্যৰ লগতে বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই আহিছে ।

উল্লেখ্য যে সাহিত্য অকাদেমি বঁটাৰ বাবে নির্বাচিত ৰাণাই ডিগবৈ চহৰৰ জন্ম আৰু ইতিবৃত্তিৰ লগতে সেই সময়ত প্রব্রজন ঘটা বিভিন্ন জাতি-জনগোষ্ঠী আৰু নেপালী সমাজৰ এখন ইতিহাসমূলক গ্রন্থ প্রকাশ কৰাৰো দিহা কৰা বুলি সদৰী কৰে । সাহিত্য চর্চাৰ ক্ষেত্ৰতো নৱপ্ৰজন্মক সমাজৰ হিতৰ বাবে সাহিত্য চর্চা কৰি যাব লাগে বুলি পৰামর্শ দিয়ে । বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অসংখ্য শুভাকাংক্ষীয়ে তেওঁৰ সুখ্যাতিত শুভেচ্ছা জ্ঞাপন কৰে ।

ভালেমান মূল্যৱান গ্রন্থৰ প্রণেতা যুদ্ধবীৰ ৰাণা অসমৰ উপৰি ছিকিম, পশ্চিমবংগৰ লগতে নেপালতো পৰিচিত সাহিত্যিক । অসম আন্দোলনৰ পটভূমিত তেওঁ ৰচনা কৰা 'চিহান নপায়েকা তকমা হৰো' শীর্ষক কবিতাটো বিশেষভাৱে সমাদৃত হৈছিল । সাহিত্যিক ৰাণাৰ আন এখন উল্লেখযোগ্য গৱেষণামূলক গ্রন্থ হৈছে 'সৃষ্টিৰ প্ৰব্ৰজন' । ইয়াৰ উপৰি জাতিবাদ, অস্পৃশ্যতা আদিৰ দৰে সংবেদনশীল বিষয়তো তেওঁ কে'বাখনো গ্রন্থ ৰচনা কৰিছে ।

লগতে পঢ়ক :৩১ ডিচেম্বৰত তেজপুৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.