ETV Bharat / state

মাৰ্ঘেৰিটাৰ জাগুনত বন ধ্বংস যজ্ঞ

author img

By

Published : Aug 21, 2019, 10:56 AM IST

মাৰ্ঘেৰিটাৰ জাগুনত বন ধ্বংস যজ্ঞ

টিংকুপানী সংৰক্ষিত বনাঞ্চলত এইবাৰ কলা হীৰা কয়লা খননৰ পৰিবৰ্তে বন মাফিয়াৰ চকু বনাঞ্চল খনৰ বহু মূল্যবান হুলোং গছৰ ওপৰত ৷

তিনিচুকীয়া, 21 আগষ্টঃ মাৰ্ঘেৰিটা জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞ ৷ অসম অৰুণাচলৰ এচাম অসাধু কাঠ মাফিয়াৰ দপদপনি এতিয়া সংৰক্ষিত বনাঞ্চলখনত ৷ শ শ কুণ্ডা সৰবৰাহ অৰুণাচললৈ । অসম বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন ৷ টিংকুপানী সংৰক্ষিত বনাঞ্চলত এইবাৰ কলা হীৰা কয়লা খননৰ পৰিবৰ্তে বন মাফিয়াৰ চকু বনাঞ্চল খনৰ মূল্যবান হুলোং গছৰ ওপৰত । নিতৌ শ শ হুলোং গছৰ কুণ্ডা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামফাই,খাৰছাং আদি বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হয় আহিছে । অসম আৰু অৰুণাচল প্ৰদেশৰ কেইজনমান বন মাফিয়াই নিতৌ হাতী-জেচিবি ব্যৱহাৰ কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

মাৰ্ঘেৰিটাৰ জাগুনত বন ধ্বংস যজ্ঞ
Intro: মাৰ্ঘেৰিটা জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বনাঞ্চল ধ্বংস যজ্ঞ । অসম অৰুণাচলৰ এচাম অসাধু কাঠ মাফিয়াৰ দপদপনি এতিয়া সংৰক্ষিত বনাঞ্চল খনত । ইয়াৰ পৰাই নিতৌ শ শ কুণ্ডা সৰবৰাহ অৰুণাচললৈ। অসম বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন ।

V/O :-- ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ জাগুন আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত এইবাৰ কলা হীৰা কয়লা খননৰ পৰিবৰ্তে বন মাফিয়াৰ চকু বনাঞ্চল খনৰ বহু মূল্যবান হুলোং গছৰ ওপৰত । টিংকুপানী সংৰক্ষিত বনাঞ্চলত বৰ্তমানে অবাধ গতিত চলিব ধৰিছে কাঠৰ ৰমৰমীয়া ব্যৱসায় । সংৰক্ষিত বনাঞ্চল খনৰ পৰা নিতৌ শ শ হুলোং গছৰ কুণ্ডা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামফাই,খাৰছাং আদি বিভিন্ন স্থানলৈ সৰবৰাহ হয় আহিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ কেইজনমান বন মাফিয়াই নিতৌ হাতী-জেচিবি ব্যৱহাৰ কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে এই ৰমৰমীয়া ব্যৱসায়ত জাগুন আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মচাৰীও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগ আমাৰ নহয়,এই অভিযোগ ইতিমধ্যে আমাৰ হাতত আহি পৰা তথ্যচিত্ৰত প্ৰকাশিত তথ্য হে আমি আগবঢ়াইছো । এই সমস্ত অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় অৰুণাচল প্ৰদেশ খাৰছাংৰ জনৈক টাংহা উপাধিৰ এজন অসাধু ব্যৱসায়ী আৰু জাগুন বন বিভাগৰ কৰ্মচাৰীৰ লক্ষ লক্ষ টকাৰ গোপন মিতিৰালিত এনে বন ধ্বংস কাৰ্য্য অব্যাহত আছে বুলি ইতিমধ্যে বহু স্থানীয় লোকে (off camera) আমাক জানিবলৈ দিয়ে । এই ক্ষেত্ৰত এটা ছাত্ৰ সংগঠনৰ নেতৃত্বৰ তৰফৰ পৰাও বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Body:Byte-student leaderConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.