ETV Bharat / state

তিনিচুকীয়াত ভেজাল মিঠাতেল উৎপাদন কৰা প্ৰতিষ্ঠান জব্দ

author img

By

Published : Dec 19, 2020, 7:05 PM IST

তিনিচুকীয়াত জব্দ ভেজাল মিঠাতেল উৎপাদিত প্ৰতিষ্ঠান ৷ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নোলোৱাকৈ দীৰ্ঘদিনৰ পৰাই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

illegal-mustard-oil-seize-in-tinsukiya
তিনিচুকীয়াত ভেজাল মিঠাতেল উৎপাদন কৰা প্ৰতিষ্ঠান জব্দ

তিনিচুকীয়া, 19 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অসাধু ব্যৱসায়ীয়ে ভেজাল মিঠাতেলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ 'হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ' নামৰ কোম্পানীটোৰ উৎপাদিত মিঠাতেল সমূহৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

তিনিচুকীয়াত ভেজাল মিঠাতেল উৎপাদন কৰা প্ৰতিষ্ঠান জব্দ

কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নোলোৱাকৈ তিনিচুকীয়াৰ লগতে মাকুমৰ বিভিন্ন অঞ্চলত ভেজাল মিঠাতেলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে, 15 ডিচেম্বৰত তিনিচুকীয়া তামোলবাৰীৰ পৰা সদৰ আৰক্ষীয়ে এখন ভেজাল মিঠাতেলৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ HR-46D-3979 বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই জিলাখনত ভেজাল মিঠাতেলৰ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.