ETV Bharat / state

পদপথৰ অসহায় বৃদ্ধক বৃদ্ধাশ্ৰমত আশ্ৰয় দিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই

author img

By

Published : Dec 7, 2020, 10:06 PM IST

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মানৱীয় কাৰ্য
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মানৱীয় কাৰ্য

মানৱতাৰ শ্ৰেষ্ঠ নিদৰ্শনেৰে পুনৰ এবাৰ জিলিকি উঠিছে শিৱসাগৰ ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জিলা সমিতিয়ে নগৰৰ কে পি এম চাৰিআলিৰ পদপথৰ পৰা এজন অসহায় বৃদ্ধক উদ্ধাৰ কৰি আশ্ৰয় দিলে বৃদ্ধাশ্ৰমত ৷

শিৱসাগৰ, 7 ডিচেম্বৰ: মানৱ ধর্মই যে শ্ৰেষ্ঠ ধর্ম সেইয়া পুনৰ এবাৰ প্ৰমাণিত কৰিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ পদপথত পৰি থকা এগৰাকী বৃদ্ধক উদ্ধাৰ কৰি ঠাই দিলে বৃদ্ধাশ্ৰমত ৷ শিৱসাগৰৰ প্রায় বহুজনৰে পৰিচিত মেকানিক মন্টু কলিতা ৷ যন্ত্ৰ চালিত বাহনৰ যান্ত্ৰিক বিজুতিৰ খুটি নাটি মাৰি পুনৰ চালিত কৰি তুলিব পৰা মন্টু কলিতা এতিয়া শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল ৷ বছৰৰ পাছত বছৰ ধৰি নিজৰ উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি আহিছিল যদিও মন্টু কলিতা এতিয়া অকলশৰীয়া ৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মানৱীয় কাৰ্য
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মানৱীয় কাৰ্য

পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে মন্টু কলিতাৰ আছিল এখন সুখৰ সংসাৰ ৷ কালক্ৰমত মন্টু কলিতাৰ পত্নীয়ে নগৰৰ কালিবাৰীৰ সমীপৰ ঘৰ মাটি নিজৰ নামত কৰি অন্য এজন পুৰুষৰ লগত গুছি যায় ৷ তাৰ পাছতে মানসিক ভাৱে ভাগি পৰে মন্টু কলিতা ৷ ৰুগীয়া দেহাৰে কর্ম কৰিবলৈ অসমৰ্থ হোৱাত পদপথত আশ্রয় গ্ৰহণ কৰে ৷

পদপথৰ অসহায় বৃদ্ধক বৃদ্ধাশ্ৰমত আশ্ৰয় দিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই

সমগ্ৰ ঘটনাটো অসমীয়া যুৱ মঞ্চৰ কেইজনমান যুৱকৰ দৃষ্টি গোচৰ হোৱাত আগবাঢ়ি আহি মন্টু কলিতাক পদপথৰ পৰা উদ্ধাৰ কৰে ৷ শান্তনু বৰঠাকুৰৰ নেতৃত্বত স্থাপন হোৱা জয়সাগৰস্থিত বয়োজ্যেষ্ঠৰ আশ্ৰমত গোটাই দিয়ে মন্টু কলিতাক । ইফালে দৃষ্টিশক্তি হ্ৰাস পোৱা মন্টু কলিতাৰ চকুৰ অস্ত্ৰোপচাৰৰ সম্পূৰ্ণ খৰচ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিয়ে বহন কৰিব বুলিও জানিবলৈ দিয়ে ৷


লগতে পঢ়ক: CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.