ETV Bharat / state

ULFA Cadre killed: তিনিচুকীয়াত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসম

author img

By

Published : Feb 9, 2023, 1:31 PM IST

Updated : Feb 9, 2023, 7:42 PM IST

তিনিচুকীয়াৰ লিডুত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা(স্বাঃ)ৰ কেডাৰ (ULFA Cadre killed) ৷ নিহত কেডাৰগৰাকী উত্তম লাহন উৰফে উদয় অসম বুলি চিনাক্ত ৷ ঘটনাকলৈ লৈ জিলাখনত উত্তেজনা অব্যাহত ৷

ULFA Cadre killed
তিনিচুীয়াত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসম

তিনিচুকীয়া, 9 ফেব্ৰুৱাৰী: উজনি অসমৰ তিনিচুকীয়াত পুনৰ অস্ত্ৰৰ ঝন্ঝননি ৷ মাৰ্ঘেৰিটাত সেনা-আৰক্ষীৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উত্তম লাহন ওৰফে উদয় অসম (ULFA cadre killed in Tinsukia) ৷

ULFA Cadre killed
নিহত আলফা (স্বাঃ) কেডাৰ উদয় অসম

বৃহস্পতিবাৰে পুৱতি নিশা সেনা-আৰক্ষী আৰু আলফা স্বাধীনৰ এটা দলৰ মাজত হোৱা সংঘৰ্ষত কঁপি উঠিল লিডুৰ টিকক মুলুং পাহাৰ ৷ বহুপৰ ধৰি দুয়োটা পক্ষৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী (Encounter Breaks Out Between Police ULFA I In Tinsukia) ৷ তিনিচুকীয়াৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত বৰ্তমানেও বিৰাজ কৰিছে চাঞ্চল্যই ৷

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, এটা 7-8 জনীয়া আলফা (স্বাঃ)ৰ দলে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লেখাপানী থানাৰ অন্তৰ্গত স্থানত কিছুদিন ধৰি বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিত বিগত 8-10 দিন ধৰি খুপনি পুতি আছিল সেনা আৰু আৰক্ষীৰ এটা বৃহৎ দলে (Operation against ULFA I in Maragherita) ৷ এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ বাবে আলফা (স্বাঃ)ৰ দলটোৱে সেই স্থানত বাহৰ পাতি আছিল বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে ৷

আনহাতে, আলফা (স্বাঃ)ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই অহা নৱ নিযুক্ত ডিজিপি জি পি সিং আৰু উজনি অসমৰ ডিআইজি জিৎমল দলেকো আলফা(স্বাঃ)ৰ দলটোৱে আক্ৰমণৰ পৰিকল্পনা কৰা বুলি এক বিবৃতিযোগে সদৰী কৰিছে আৰক্ষীয়ে ৷

অৱশেষত পুৱতি নিশা চলোৱা অভিযানত আলফা(স্বাঃ)ৰ কেডাৰ উত্তম লাহন ওৰফে উদয় অসম গুলীবিদ্ধ হৈ মৃত্যু হয় (ULFA cadre shot dead in Tiusukia) ৷ আনহাতে পলাই সাৰিবলৈ সক্ষম হয় আন আন সদস্যসকল ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ সোণাৰিৰ পুৰণি জৱকা গাঁৱৰ উদয় অসম আছিল IED এক্সপাৰ্ট ৷ প্ৰায় 7 মিনিট ধৰি দুয়োটা পক্ষৰ মাজত হৈছিল গুলীবৰ্ষণ ৷ আলফা (স্বাঃ)ৰ দলটোক উদয় অসমৰ লগতে নেতৃত্ব প্ৰদান কৰিছিল মৃগাংক অসমে ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে এটা পিষ্টল, এটা AK চিৰিজৰ ৰাইফল, বিস্ফোৰক সামগ্ৰী ইত্যাদি ৷ বৰ্তামানেও অঞ্চলটোত সেনা আৰু আৰক্ষীয়ে ঘেৰি ৰাখি পলায়ন কৰা দলটোৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক: Terrorist Killed in Jammu Kashmir: বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন, 99 টা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

Last Updated :Feb 9, 2023, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.